Breaking News

বেলতলাত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা নৱ প্ৰগতি মহিলা মঞ্চৰ



ডিজিটেল সংবাদঃ বেলতলা চাৰ্ভে অঞ্চলৰ অগ্ৰণী মহিলা সংগঠন নৱ প্ৰগতি মহিলা মঞ্চৰ উদ্যোগত যোৱা ২৮ জুন শনিবাৰে স্হানীয় পূবেৰুণ এপাৰ্টমেণ্টত অঞ্চলটোৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। সভাত আঠ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীৰ প্ৰত্যেককে এটি নামাংকিত ট্ৰফীসহ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সভাৰ আৰম্ভণিতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি অসমৰ বৌদ্ধিক জগতত সুপৰিচিত এজন বৰেণ্য প্ৰজ্ঞাৰ সাধক সদ্য প্ৰয়াত শ্ৰদ্ধাৰ অনিল বৰা দেৱৰ প্ৰতি এটি শোক প্ৰস্তাৱ পাঠ কৰি এক মিনিট মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শ্ৰী যুতা দৰ্পনা বৰা নেওগৰ পৌৰোহিত্যত ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু মঞ্চৰ গৰিষ্ঠ সংখ্যক সদস্যাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা শেৱালি বৰগোহাঞিয়ে। মুখ্য বক্তা হিচাপে শিক্ষাৰ ক্ষেত্ৰখনত ওতঃপ্ৰোতভাৱে জড়িত লগতে কেৰিয়াৰ কাউন্সিলৰ হিচাপে পৰিচিত এজন গুণী ব্যক্তি  শ্ৰীযুত ত্ৰিদিপ বৰুৱা দেৱ আৰু বিশিষ্ট অতিথি হিচাপে মহিলা মঞ্চ খনিৰ অভিভাৱক স্বৰূপ অৱসৰপ্ৰাপ্ত বেংক বিষয়া শ্ৰী যুত সুলক্ষন শইকীয়া দেৱে আসন অলংকৃত কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। মঞ্চৰ সদস্যা সকলৰ বিভিন্ন গীত, কবিতা আদিৰ পৰিবেশন আৰু ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতি বয়োজেষ্ঠ্যা সদস্যা সকলৰ আৰ্শীবাদ আৰু শুভেচ্ছা পূৰ্ণ বক্তৃতা তথা দুয়ো জন নিমন্ত্ৰিত অতিথিৰ লগতে সদস্যা ডাঃ যুতিকা ওজা আৰু সভানেত্ৰী দৰ্পনা বৰা নেওগে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনৰ সুবিধাৰ্থে আগবঢ়োৱা সুন্দৰ আৰু সাৰগৰ্ভ বক্তৃতা প্ৰদানে অনুষ্ঠানটি সফল কৰি তোলাত সহায় কৰে। সহ সম্পাদিকা নৱলক্ষ্মী দাসে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতেই জাতীয় সংগীতেৰে সভাখনিৰ সামৰণি পৰে।

No comments