Breaking News

ত্রাতৃ এপʼৰ সহযোগত আশ্ৰয় শীৰ্ষক মাহেকীয়া আলোচনী প্ৰকাশ



ডিজিটেল  সংবাদঃ মঙ্গলবাৰে ত্রাতৃ এপʼৰ সহযোগত ৰস‌ পানচৈ প্ৰকাশনৰ‌ দ্বাৰা আশ্ৰয় নামেৰে এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰা হয়। উন্মোচনী সভাত উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট পৰিৱেশবিদ, সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী। গোস্বামীয়ে ত্ৰাতৃ এপʼৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি নৱ প্ৰজন্মক প্ৰেৰণা আৰু উৎসাহ প্ৰদান কৰি এটি মননশীল বক্তৃতা প্ৰদান কৰে। এই অনুষ্ঠানত উপস্থিত থাকে সুদূৰ উৰিষ্যাৰ পৰা আশ্ৰয় আলোচনীৰ উপদেষ্টা মালবিকা শৰ্মা,গুৱাহাটীৰ পৰা মণিৰূপা মিশ্ৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তুল্যজিত বৰা, ত্ৰাতৃৰ প্ৰতিষ্ঠাপক ত্ৰিদ্বীপ বৰুৱা, ৰসজ্ঞৰ‌ কাৰ্য্যকৰী সভানেত্ৰী পাপৰি দেৱী। উপস্থিত থাকে মৃদুস্মিতা শৰ্মা, ৰুণু দেৱী শৰ্মা, অনুষ্ঠানটিৰ আঁত ধৰে মিন্টু (অভিজ্ঞান) বৈশ্যই। নিয়ন্ত্ৰণ কক্ষত থাকে গৌতম গায়ন, সবিতা ৰায়। অনুষ্ঠানৰ আৰম্ভণিতে গোৱালপাৰাৰ পৰা চেলিমা ৰহমানে গীতটি পৰিবেশন কৰে। সভাখনত উপস্থিত থাকে জুলাই সংখ্যাৰ সম্পাদক দিশান্ত পৰাশৰ, চেন্নাইৰ পৰা সুদক্ষিণা শইকীয়া, ৰুণু দেৱী শৰ্মা,প্ৰণীতা হালৈ,দীপক ( গীত)গগৈ, জেউতি শিখা দাস,তৰালী শৰ্মা,কল্যাণী গগৈ,চানি দত্ত ,চিমী বৰুৱা,ভিতাশ্ৰী বৰুৱা,মানবী চুঙী মাউত, সুদীপ্ত, অপূৰ্ব। সভাত বাঁহী বাদন কৰে যুমনে, । গীত কবিতা আদিৰে আশ্ৰয়ৰ প্ৰথম সংখ্যাটো সকলোৰে সহযোগিতাত প্ৰকাশ কৰা হয়, অনুষ্ঠানৰ শেষত আঁত ধৰোঁতা মিন্টু অভিজ্ঞান বৈশ্য‌ই, উপস্থিত প্ৰতিগৰাকীলৈ কৃতজ্ঞতাৰ শৰাই আগবঢ়ায়।




No comments