গোলাঘাটত গণশিল্পী দিলীপ শৰ্মা জন্ম শতবাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি
ডিজিটেল সংবাদ, গোলাঘাটঃ নতুন সাহিত্য পৰিষদ, গোলাঘাট শাখা আৰু ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত অহা ১০ আৰু ১১ জানুৱাৰীত গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্পৰ্টচ কমপ্লেক্সত অনুষ্ঠিত হবলগা শতবাৰ্ষিকী অনুষ্ঠানত গণশিল্পী দিলীপ শৰ্মাই কণ্ঠদান কৰা গীতৰ প্ৰতিযোগিতা আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাসমূহ দুটা শাখাত অনুষ্ঠিত হ'ব; ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ 'ক' শাখা আৰু নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ 'খ' শাখা। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। ৰচনাৰ বিষয় - 'গণশিল্পী দিলীপ শৰ্মা' (১৫০০ ৰ পৰা ২০০০ শব্দৰ ভিতৰত)। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ভিতৰত অধ্যয়ন কৰি থকা অসমৰ যিকোনো ঠাইৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। ৰচনাৰ মাধ্যম- অসমীয়া। ৰচনাসমূহ ২৪ ডিচেম্বৰৰ ভিতৰত নিম্নলিখিত ঠিকনাত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। ৰাজুমণি গগৈ, সমন্বয়ক, প্ৰতিযোগিতা বিভাগ, মাৰফৎ - গোলাঘাট শিশু ভৱন, ক'ৰ্ট ৰোড, গোলাঘাট, পিন- ৭৮৫৬২১, ফোন নম্বৰ - ৮৬৩৮৫ ১৭১৭৭। উল্লেখ্য যে, ১১ জানুৱাৰী, ২০২৬ তাৰিখে মুকলি সভা অনুষ্ঠিত হ'ব। উক্ত মুকলি সভাত অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব। উদযাপন সমিতিৰ সভাপতি লনি ফুকন আৰু সম্পাদক জ্যোতিপ্ৰসাদ দত্তই সকলো ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে।

No comments