Breaking News

গোলাঘাটত জিজ্ঞাস মক টেষ্ট আৰম্ভ



সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃ  হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া শিক্ষাৰ্থী সকলৰ বাবে জিজ্ঞাস শৈক্ষিক ন্যাসে প্ৰতি বছৰে অনুষ্ঠিত কৰা ' জিজ্ঞাস মক টেষ্ট ' শীৰ্ষক পৰীক্ষা আজিৰে পৰা আৰম্ভ হৈছে৷ ৰাজ্যজুৰি অনুষ্ঠিত কৰা এই পৰীক্ষা গোলাঘাট সদৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন কেন্দ্ৰত অনুষ্ঠিত হৈছে৷ সম্পূৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰ্হিত অনুষ্ঠিত কৰা জিজ্ঞাস মক টেষ্টত গোলাঘাট সদৰ কেন্দ্ৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান তিনি শতাধিক ছাত্ৰ -ছাত্ৰী অৱতীৰ্ণ হৈছে৷ এই মক টেষ্টত ইংৰাজী, আধুনিক ভাৰতীয় ভাষা, গণিত,  সাধাৰণ বিজ্ঞান,  সমাজ বিজ্ঞান,  উচ্চ গণিত, ঐচ্ছিক ভূগোল আৰু কম্পিউটাৰ চায়েন্স বিষয় কেইটাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। 



অৱশ্যে এইবাৰ বিগত বৰ্ষসমূহৰ তুলনাত পৰীক্ষাৰ্থীৰ সংখ্যা কিছু হ্ৰাস পাইছে বুলি কেন্দ্ৰ সমন্বয়ক তথা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষক দেৱাশীষ গগৈয়ে জানিবলৈ দিছে। 

No comments