Breaking News

গোলাঘাটত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ পথ সঞ্চলন কাৰ্যসূচী



গোলাঘাটঃ অখিল ভাৰতীয় নাৰী সংগঠন ৰাষ্ট্ৰ সেৱিকা সমিতিৰ নব্বৈ বছৰীয়া জয়ন্তী আৰু মকৰ সংক্ৰান্তি উপলক্ষে গোলাঘাট জিলাৰ সেৱিকাসকলে  ১০ জানুৱাৰীত এটি পথ সঞ্চলনৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই সঞ্চলন গোলাঘাট সমণ্বয় ক্ষেত্ৰৰ পৰা পুৱা ১১ বজাত আৰম্ভ হৈ নগৰৰ মাজেৰে পৰিভ্ৰমণ কৰি পুনৰ সমণ্বয় ক্ষেত্ৰত উপস্থিত হয়।  যোৰহাট বিভাগৰ প্ৰচাৰীকা মামু দাস আৰু গোলাঘাট জিলাৰ সঞ্চালিকা গীতা গোস্বামী উপস্থিত থকা কাৰ্যক্ৰমটোত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ গোলাঘাট জিলাৰ কাৰ্যবাহিক প্ৰতিলা বৰ্মনে আঁত ধৰে। কাৰ্যক্ৰমটোত সঞ্চলন আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠিত হোৱা সভাত বৌদ্ধিক প্ৰদান কৰে সমিতিৰ ঈশান্য ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ দিপালী উপাধ্যায়ে। ভাষন প্ৰসংগত তেওঁ ভাৰতৰ গৌৰৱময় সনাতনী পৰম্পৰা আৰু ৰাষ্ট্ৰ সেৱিকা সমিতিৰ ৰাষ্ট্ৰ সেৱাত নব্বৈ বছৰীয়া যাত্ৰাৰ কথা উল্লেখ কৰে এই কাৰ্যক্ৰমত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰায় দুই শতাধিক সেৱিকাই পূৰ্ণ গণবেশত অংশগ্ৰহণ কৰে। এই প্ৰেৰণাদায়ক কাৰ্যক্ৰমে সেৱিকাসকলক বিশেষ উৎসাহ প্ৰদান কৰে।

No comments