Breaking News

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এশ বছৰ উপলক্ষে গোলাঘাটত হিন্দু সন্মিলন



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ অৰুণাচল পঞ্চায়তত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এশ বছৰ পূৰ্তি হোৱা উপলক্ষে দেওবাৰে ধৰ্মেশ্বৰ বৰা সভাপতিত্বত এখন হিন্দু সন্মিলন অনুষ্ঠিত হৈ যায় । গোলাঘাট জিলাৰ অৰুণাচল পঞ্চায়তৰ বিভিন্ন অঞ্চলৰ পৰা অহা সাত সহস্ৰাধিক লোকৰ উপস্থিতিত আইমাতৃ সকলৰ সমবেত সংগীতেৰে হিন্দু সন্মিলনৰ শুভাৰম্ভণি হয়। হিন্দু সন্মিলনত সংঘৰ এশ বছৰ যাত্ৰাৰ ওপৰত ভাষন ৰাখে কৃষাণ সংঘৰ অসম ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক কৃষ্ণ কান্ত বৰাই।সংঘৰ এশ বছৰ যাত্ৰাৰ সমাজলৈ অৱদান আৰু সংঘৰ  প্ৰতিষ্ঠা লাভৰ  বিষয় ওপৰত  তেখেতে বক্তব্য আগবঢ়ায়। গোলাঘাট বাণিজ্য মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক লক্ষ্মীধৰ শইকীয়াই হিন্দুত্বৰ ওপৰত সাৱলীল বক্তব্য  ৰখাৰ উপৰি ৰাষ্ট্ৰ সেৱিকা সমিতিৰ গোলাঘাট জিলা কাৰ্যৱাহিকা প্ৰতিলা বৰ্মনে সমাজ পৰিবৰ্তনৰ বাবে সংস্কাৰ মূলক বিষয় ওপৰত বক্তব্য আগবঢ়ায়। 



অনুষ্ঠানটোত অঞ্চলটোৰ ভালে সংখ্যক সমাজ সেৱক উপস্থিত থাকে। বিভিন্ন বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে অনুষ্ঠিত হোৱা অনুষ্ঠানতটোৰ শেষত সভাপতিৰ মন্তব্য আৰু বন্দেমাতৰম গীতেৰে সামৰণি পৰে।

No comments