Breaking News

গোলাঘাটত যুৱ কংগ্ৰেছৰ জাতি বচাওঁক মাটি বচাওঁক শীৰ্ষক পদযাত্ৰা



ডিজিটেল সংবাদ, গোলাঘাটঃ অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত গোলাঘাট জিলা যুৱ কংগ্ৰেছ কমিটিৰ সৌজন্যত আজি গোলাঘাট নগৰৰ পৰা জাতি বচাওঁক মাটি বচাওঁক শীৰ্ষক কাৰ্যসূচীৰ দ্বাৰা পদযাত্ৰ কাৰ্যসূচী গ্ৰহণ কৰে। গোলাঘাট কংগ্ৰেছ ভৱনৰ সমীপত এখন গণসভা অনুষ্ঠিত হয়। গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰূপান্তৰ তাঁতীয়ে আত ধৰা উক্ত গণ সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, সাংসদ গৌৰৱ গগৈ, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক মিতেন্দ্ৰ দৰ্শন সিং, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভানেত্ৰী ৰ'জলীনা তিৰ্কী, বিধায়ক ভাস্কৰ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিতোপন শইকীয়া, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা দিপান্বীতা দূৱৰা, প্ৰদেশ কংগ্ৰেছ দুৰ্যোগ আৰু সাহায্য বিভাগৰ উপাধ্যক্ষ অমৃত বুঢ়াগোহাঁই, প্ৰদেশ কংগ্ৰেছ অন্যান্য পিছপৰা শ্ৰেণী বিভাগৰ উপাধ্যক্ষ পৰাণজ্যোতি শইকীয়া, গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মদন বৰা, প্ৰদেশ যুৱ কংগ্ৰেছৰ উপসভানেত্ৰী সাগৰিকা বৰা, যুৱ নেতা বিবেক বৰা, অসম প্ৰদেশ কিষাণ কংগ্ৰেছৰ অধ্যক্ষ হৰিপ্ৰসাদ শইকীয়া, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰত্ন গগৈ, বিজু পেগু, উৎপল দলে, গোলাঘাট জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী নিজৰা বৰুৱা প্ৰমূখ্যে কেইবাগৰাকীও ৰাজ্যিক কংগ্ৰেছৰ নেতাই অংশগ্ৰহণ কৰি বক্তব্য ৰাখে। তিনি হাজৰৰোধিক কংগ্ৰেছ কৰ্মী আৰু শুভাকাংক্ষী ৰাইজে  গোলাঘাট নগৰৰ পৰা কছাৰিহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপলৈকে পদযাত্ৰ কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে জনজাগৰণ আনিবলৈ প্ৰয়াস কৰিছে। বিজেপি চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি চমক সৃষ্টি কৰিবলৈ প্ৰয়াস কৰাৰ পাছতো কংগ্ৰেছৰ পদযাত্ৰত জনসাধাৰণৰ অভূতপূৰ্ব সহাৰিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।

No comments