দেৰগাঁৱৰ সৰবৰহী ধৰ্মপ্ৰাণা মহিলা অৰুণা শৰ্মাৰ মৃত্যুত শোক
ডিজিটেল সংবাদ, দেৰগাঁওঃ গোলাঘাট জিলাৰ দেৰগাঁৱৰ কুমাৰগাঁৱৰ সৰবৰহী ধৰ্মপ্ৰাণা মহিলা অৰুণা শৰ্মাৰ বাৰ্ধক্যজনিত ৰোগত শুক্ৰবাৰে দুপৰীয়া প্ৰায় ১২.৩০ বজাত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত অৰুণা শৰ্মাৰ বয়স আছিল ৯০ বছৰ। ধৰ্মপ্ৰাণ মহিলা গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰে। উল্লেখ্য যে, প্ৰয়াত অৰুণা শৰ্মাই মৃত্যুৰ আগলৈকে বহু ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল । মৃত্যুৰ পিছতেই তেওঁৰ বাসভৱনত বহু ইষ্ট কুটুম্ব আৰু গণ্যমান্য ব্যক্তি উপস্থিত হৈ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তদুপৰি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতুশৰ্মা ৰাজখোৱা, বিশিষ্ট সমাজকৰ্মী মিনতি দলে, বিশিষ্ট সাংবাদিক বুবুল দত্ত,ক্ৰীড়া সাংবাদিক পবিত্ৰ বৰঠাকুৰ আদিয়ে সৰবৰহী মহিলা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ধৰ্মপ্ৰাণ মহিলা গৰাকীয়ে মৃত্যুৰ সময়ত প্ৰতুল কুমাৰ শৰ্মা সহ দুই পুত্ৰ, বোৱাৰী, দুগৰাকী জীয়ৰী, দুগৰাকী জোঁৱাই,নাতি-নাতিনীসহ লগতে বহু আত্মীয়-স্বজন তথা গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। তেখেতৰ অন্ত্যোষ্টিক্ৰিয়া যোৰহাটৰ তৰাজান শ্মশানত বিয়লি তিনি বজাত সম্পন্ন কৰা হয় ৷

No comments