ৰ'টাৰী ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট এলিগেঞ্চ ৰটাৰী ক্লাৱৰ স্বাস্থ্য শিবিৰ সম্পন্ন
ডিজিটেল সংবাদ, গোলাঘাটঃ ৰ'টাৰী ক্লাবৰ প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে ৰটাৰী ক্লাৱ অৱ গোলাঘাট এলিগেঞ্চে ২২ ফেব্ৰুৱাৰী, দেওবাৰৰ দিনা এটি স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে । গোলাঘাটৰ "আমাৰ ঘৰ" নামৰ বৃদ্ধাশ্ৰমখনত অনুষ্ঠিত কৰা এই স্বাস্থ্য শিবিৰত দেৰগাঁৱৰ সুপৰিচিত ফিজিওথেৰাপিষ্ট, গোলাঘাট এলিগেঞ্চ ৰটাৰী ক্লাৱ সদস্য ৰটাৰীয়ান ডঃ অৰুণ জ্যোতি হাজৰিকাই বিশেষজ্ঞ হিচাপে অংশ গ্ৰহণ কৰে । দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা শিবিৰটোত বৃদ্ধাশ্ৰমৰ ১৭ গৰাকী আৱাসীৰ শাৰীৰিক সমস্যাৰ কথা ৰটাৰীয়ান ডঃ হাজৰিকাই বুজে লয় আৰু সেই অনুসৰি ব্যায়ামৰ লগতে অন্যান্য বিধান আগবঢ়ায় । আৱাসী সকলৰ ওপৰিও এই শিবিৰটোৱে চহৰখনৰ অন্যান্য ব্যক্তি সকলকো নিদান প্ৰদান কৰে । স্বাস্থ্য শিবিৰটোৰ আৰম্ভণি কাৰ্যসূচী হিচাপে অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ত্ব কৰে ৰটাৰী ক্লাৱ অৱ গোলাঘাট এলিগেঞ্চৰ সভাপতি ৰটাৰীয়ান সীমা নাথে । সভাখনত সম্পাদক অনন্যা গোস্বামী, আই পিপি প্ৰবীণ বাগৰিয়া, প্ৰেচিডেন্ট ইলেক্ট লুকুমণি গোস্বামী, উপ সভাপতি অশ্বিনী ৰাজখোৱা, চাৰ্জেন্ট এট আৰম্চ মন্টু বৰা, ৰাজীৱ বৰঠাকুৰ, পৱন টোডী, সীমান্ত কলিতা, নৱনিতা হাজৰিকা, নিলোফাৰ খাতুনকে প্ৰমুখ্য কৰি বহুকেইজন ৰটাৰীয়ান উপস্থিত থাকে । উল্লেখযোগ্য যে প'ল হেৰিছৰ নেতৃত্বত ১৯০৫ চনৰ ২৩ ফেব্ৰুৱাৰীৰ দিনা চিকাগো চহৰত ৰটাৰী ক্লাৱৰ জন্ম হৈছিল । লগ দিছিল তিনি বন্ধু গোষ্টেইভাছ লেয়াৰ, ছিলভেষ্টাৰ শ্বীলী আৰু হাইৰাম ই শ্বৰীয়ে ।
এই চাৰিজন সদস্যৰ গঠিত হোৱা ৰটাৰী ক্লাৱৰ বৰ্তমান সদস্যৰ সংখ্যা হৈছেগৈ ১.২ ৰ পৰা ১.৪ মিলিয়নৰ ভিতৰত। বিশ্বৰ ২০০ খনৰো অধিক দেশত সেৱা আগবঢ়াই থকা ৰটাৰী ইন্টাৰনেছনেলৰ ক্লাৱৰ সংখ্যা বৰ্তমান ৪৫,০০০ৰো অধিক।


No comments