Breaking News

শদিয়া ইক’ কেম্পত লেখক-কবি-সাহিত্যানুৰাগীৰ সমাবেশেৰে শদিয়া লিটাৰেচাৰ ফেষ্টিভেল



ডিজিটেল সংবাদ, তিনিচুকীয়াঃ সতফুলৰ দেশ নামেৰে পৰিচিত শদিয়া কেৱল অসমৰ প্ৰথমখন ঠায়েই নহয়। ভাৰতৰ আটাইতকৈ দীঘল নদী দলংখন শদিয়াতে আছে। শদিয়াতে বিশ্বখ্যাত শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম। এই পৰ্যন্ত অইল ইণ্ডিয়া লিমিটেডৰ অটাইতকৈ গভীৰ খাদটো খনন কৰা হৈছে শদিয়াতে। আৰু অনেক কিংবদন্তি-ইতিহাস বহন কৰি আছে শদিয়াই। শদিয়া ইক’ কেম্পেও এক নতুন ইতিহাসেই ৰচনা কৰিছে সাহিত্য উৎসৱ নিজা উদ্যোগত আয়োজন কৰি। অসমত এতিয়ালৈকে অন্য কোনো হোটেল, ৰিজৰ্ট, ইক’ কেম্পে এতিলৈকে এনেদৰে সাহিত্য উত্সৱ বা লিটাৰেচাৰ ফেষ্টিভেল আয়োজন কৰা নাই। প্ৰাকৃতিক পৰিবেশৰ মাজত শদিয়া ইক’ কেম্পৰ উদ্যোগত, ক’লাৰ্ছ অফ নৰ্থ ইষ্ট আৰু শদিয়া মহাবিদ্যালয়ৰ সহযোগত দ্বিতীয় শদিয়া লিটাৰেচাৰ ফেষ্টিভেল দিনজোৰা কাৰ্যসূচীৰে ২২ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈ যায়। লেখক-কবি-সাহিত্যানুৰাগীৰ সমাবেশেৰে দ্বিতীয়বাৰৰ বাবে শদিয়া লিটাৰেচাৰ ফেষ্টিভেল শদিয়াৰ শান্তিপুৰৰ অসম-অৰুণাচল সীমাৰ জীয়া নৈৰ পাৰৰ শদিয়া ইক’ কেম্পত অনুষ্ঠিত কৰা হয়। শদিয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা জুবিন গাৰ্গৰ ‘মায়াবিনী’ সমবেত সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। সমবেত সংগীতটো পৰিচালনা কৰে শদিয়া মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক শাৰদী বৰাই। বন্তি প্ৰজ্বলন আৰু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচীত স্বেচ্ছাসেৱী সংগঠন ক’লাৰ্চ অফ নৰ্থ-ইষ্টৰ সাধাৰণ সম্পাদক পাপুলক্ষ্মী ডেকাই বন্তি প্ৰজ্বলন কৰে। এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় শদিয়া শতদল শাখা সাহিত্য সভাৰ সভাপতি গোপীনাথ বুঢ়াগোহাঁই, সম্পাদক কমল দিহিঙ্গীয়া, শদীয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা উষাৰাণী হাজৰিকা আৰু আবৃত্তি পৰিষদ শদিয়া শাখাৰ সম্পাদিকা জিন্তিমণি গগৈয়ে। দ্বিতীয় শদিয়া লিটাৰেচাৰ ফেষ্টিভেললৈ সকলোকে আদৰণি জ্ঞাপন আৰু সমূহ কাৰ্যসূচী পৰিচালনা কৰে ফেষ্টিভেলৰ আহ্বায়ক তথা ডি.ডি.আৰ. কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক লক্ষীনন্দন বৰগোহাঞিয়ে। আলোকপাত শীৰ্ষক অনুষ্ঠানত ‘কাৰ্টুনঃ সমাজ আৰু সাহিত্যক প্ৰভাৱিত কৰা জোঙাল অস্ত্ৰনে হাঁহিৰ খোৰাক’ বিষয়ত আলোকপাত কৰে কাৰ্টুনিষ্ট-সাংবাদিক নিতুপৰ্ণ ৰাজবংশীয়ে। শদিয়া মহাবিদ্যালয়ৰ উদ্যোগত ‘ইতিহাস কাৰ বাবে? একবিংশ শতিকাত বুৰঞ্জী শিক্ষা আৰু ভিণ্টেজ হাব প্ৰকল্প’ বিষয়ত বাৰ্তালাপ অনুষ্ঠানটিত যোৰহাট ভিণ্টেজ হাবৰ প্ৰতিষ্ঠাতা অভিনিৱেশ শৰ্মাই সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে। অনুষ্ঠানটি উদ্বোধন কৰে শদিয়া লিটাৰেচাৰ ফেষ্টিভেল আয়োজনৰ সহযোগী তথা শদিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন চুতীয়াই। কবিতা পাঠৰ অনুষ্ঠানত কবিতা পাঠ কৰে কবি-গল্পকাৰ-ঔপন্যাসিক দিপ্তী দত্ত কলিতা, কবি নাট্য সংগঠক তথা অধ্যাপক নিৰোদ গোহাঁই, কবি বিকিয়ান বাইলুং, মানসী গগৈ, ৰতন শদিয়াল, মাধুৰী সন্দিকৈ, ভৈৰৱ গোহাঁই, দিগন্ত কুমাৰ ভাজনি, ভৱানী প্ৰসাদ দুংগানা, বুলবুলি বুঢ়াগোহাঁই, সদানন্দ হাজং আৰু শদিয়া মহাবিদ্যালয়ৰ ছাত্ৰী ববিতা সোনোৱালে। দুটা কবিতা আবৃত্তিৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ক্ৰমে আবৃত্তিকাৰ নিমিষা শইকীয়া আৰু পূৰ্ণিমা দুৱৰা দিহিঙ্গীয়াই। ফেষ্টিভেলৰ বিশেষ আকৰ্ষণ লেখক-পাঠকৰ আন্তৰিক আলাপৰ অনুষ্ঠানত বিশিষ্ট লেখক তথা আই জি (অসম পুলিচ), ‘দি ট্ৰায়েল’, ‘দ্য ফল’ৰ অনুবাদক প্ৰশান্ত সাগৰ চাংমাই (আই.পি.এছ.), ঔপন্যাসিক ‘ডিগ বয় ডিগ’, ‘ফালাপ’, ‘মুংডুনচুনখাম’, ‘ডিভাইন কোড’ৰ স্ৰষ্টা দীপাংকৰ মল্ল বৰুৱা, সাংবাদিক-লেখক, ‘নিষিদ্ধ যোদ্ধা’, ‘লেডি ‘গেৰিলা’, ‘দ্য ডেথ জ’ন’ৰ স্ৰষ্টা ধীৰু মনি গগৈ, লেখক-আলোচক, ‘জীৱন যদি জীয়াব লাগে’, ‘মেৰিয়েন এণ্ডাৰছনৰ প্ৰাৰ্থনা’ৰ লেখক অৰ্ণৱ শইকীয়া, বিস্ময়ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰা ‘দেওবৰত জোনাক’, ‘আকৌ চেণ্টুদা’, ‘ডাঃ আৰ ডিৰ চেম্বাৰ’, অপু চিৰিজ’, ‘বাসুৰ গল্প’ আদিৰ লেখক বৈদুৰ্য বৰুৱাই কিয় আৰু কাৰ বাবে লিখে সম্পৰ্কত বক্তব্য ৰাখে আৰু সাহিত্যানুৰাগীৰে আলাপ কৰে। এইবাৰ ফেষ্টিভেলৰ লগত সংগতি ৰাখি ‘জীয়া নৈ’ নামেৰে ‘শদিয়া লিটাৰেচাৰ ফেষ্টিভেলৰ নিৰ্বাচিত কবিতা’ৰ এখনি কাব্য গ্ৰন্থ প্ৰকাশ কৰা হয়। ছয়সত্তৰ গৰাকী প্ৰতিষ্ঠিত কবি আৰু পয়ত্ৰিশ গৰাকী অনুজ কবিৰ কবিতাৰে এশ একান্নব্বৈ পৃষ্ঠাৰ ‘জীয়া নৈ’ৰ মুখ্য সম্পাদক বিশিষ্ট কবি বিপুলজ্যোতি শইকীয়া, সম্পাদক বিকিয়ান বাইলুং, মাইনু গগৈ আৰু ঋতুপৰ্ণা বুঢ়াগোহাঁই। গ্ৰন্থখন প্ৰকাশ কৰিছে ‘পূৰ্বায়ন প্ৰকাশনে’। ‘জীয়া নৈ’ আনুষ্ঠানিক ভাবে উন্মোচন কৰে প্ৰশান্ত সাগৰ চাংমায়ে। তেখেতক সহযোগিতা কৰে দীপাংকৰ মল্ল বৰুৱা, অৰ্ণৱ শইকীয়া, নিৰোদ গোহাঁই, ড০ ৰঞ্জন কুমাৰ দাস, ধীৰু মনি গগৈ, বুলবুলি বুঢ়াগোহাঁই আৰু ভাৰতী শইকীয়া ডেকাই। ‘চিনেমা আৰু সাহিত্যৰ আন্ত-সম্পৰ্কঃ প্ৰসংগ অসমীয়া চিনেমা’ বিষয়ত এক আন্তৰিক কথোপকথনত অতিথি হিচাপে চিনেমা নিৰ্মাতা জয়চেং দহোটীয়াই অংশ লয়। এই অনুষ্ঠানটোৰ সূত্ৰ ধৰে চিনেমা-ৰসিক, সাংবাদিক ভিবিৰাণী বৰগোহাঁইয়ে। ফেষ্টিভেললৈ অহা সকলো পাঠক-লেখক অতিথিক কৃতজ্ঞতা জ্ঞাপন কৰে ফেষ্টিভেলৰ সমন্বয়ক তথা শদিয়া ইক’ কেম্পৰ স্বত্বাধিকাৰী প্ৰাঞ্জল প্ৰতীম দত্তই। সন্ধিয়ালৈ জয়চেং দহোটীয়াৰ পৰিচালনাত নিৰ্মিত ‘বাঘজান’ চিনেমাখন প্ৰদৰ্শন কৰা হয়। ফেষ্টিভেলৰ অন্তিম কাৰ্যসূচী গীতৰ এসন্ধ্যাত গীত পৰিবেশন কৰে ‘ৰঙীন চিলা’ খ্যাত কণ্ঠশিল্পী কুলদ্বীপ বৰুৱাই। শদিয়া লিটাৰেচাৰ ফেষ্টিভেলৰ অন্যান্য আকাৰ্ষণ হিচাপে কেম্পৰ বাকৰিত পক্ষী পৰ্যবেক্ষক, তিনিচুকীয়া কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ ৰঞ্জন কুমাৰ দাস আৰু ফটোগ্ৰাফাৰ ডাঃ ঋতুৰাজ ভূঞাৰ নিৰ্বাচিত ফটো প্ৰদৰ্শনীয়ে সাহিত্যানুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰে। তাৰোপৰি নিৰ্বাচিত গ্ৰন্থৰাজীৰ বিপণী,  পৰম্পৰাগত খাদ্যৰ বিপণী, পৰম্পৰাগত বস্ত্ৰৰ বিপণী, হস্তনিৰ্মিত সামগ্ৰীৰ বিপণী আৰু অন্যান্য সামগ্ৰীৰ বিপণীয়ে ফেষ্টিভেলৰ চৌপাশ শুৱনি কৰে। দূৰণিৰ পৰা অহা অতিথিসকলে শদিয়া লিটাৰেচাৰ ফেষ্টিভেললৈ গৈ লাভ কৰে অসমৰ প্ৰথমখন ঠাই শদিয়াৰ লগতে কাষৰীয়া অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক শোভাৰ আমেজ, সমাজ-সংস্কৃতিৰ সান্নিধ্য। বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ‘প্ৰকৃতি’ বিষয়ত দুটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাখনি সুনিয়াৰীকৈ পৰিচালনা কৰে মাইনু গগৈয়ে। বিচাৰক হিচাপে দায়িত্ব পালন কৰে নিতুপৰ্ণ ৰাজবংশীয়ে। প্ৰতিযোগিতাৰ ক শাখাত স্থান লাভ কৰে ক্ৰমে ৰিতিশা দাস (চেইণ্ট থমাছ হাইস্কুল), নীলাঞ্জনা কেশৱ (ৰাজ কিডছ ফাউণ্ডেশ্যন), ভন্তি পাংগিং (শান্তিপুৰ এম ই স্কুল)য়ে। খ শাখাত স্থান লাভ কৰে ক্ৰমে দুলাল সোনৱাল (উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়), হিৰণ চিৰিং (শংকৰদেৱ বিদ্যা নিকেটন, শদিয়া), চাজন ৰায় (শান্তিপুৰ এম ই স্কুল)-এ। অধ্যাপক ড০ দীপেন্দ্ৰ কুমাৰ খানাল, অধ্যাপিকা এলিনা শইকীয়া, মাইনু গগৈ, বুলবুলি বুঢ়াগোহাঁই, ঋতুপৰ্ণা বুঢ়াগোহাঁই, ময়ুৰী শইকীয়া, ভাৰতী শইকীয়া ডেকাকে প্ৰমুখ্য কৰি সাংবাদিক, শদিয়াবাসী লেখক-কবি আৰু শুভাকাংখীসকলে অনুষ্ঠানটো সফল কৰি তোলাত সহযোগিতা আগবঢ়ায়। দ্বিতীয় শদিয়া লিটাৰেচাৰ ফেষ্টিভেলত সাহিত্য, সমাজ ইতিহাস, সংস্কৃতিৰ আলোচনাৰ লগতে উচ্চ মানৰ সাহিত্য সৃষ্টি, পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰা, শদিয়াত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক কেন্দ্ৰ কৰি শদিয়াৰ কোনোবা অঞ্চলত অথবা শদিয়া মহাবিদ্যালয়ত ‘ড০ ভূপেন হাজৰিকা ভিণ্টেজ হাব প্ৰকল্প’ স্থাপনৰ দৰে চিন্তা চৰ্চাই গুৰুত্ব লাভ কৰে।

No comments