হাতী-মানুহৰ সংঘাত প্ৰশমনৰ বাবে বিশেষ সজাগতামূলক পদক্ষেপ আৰম্ভ
ডিজিটেল ডেস্কঃ প্ৰকৃতিপ্ৰেমী দিপু দীপাংকৰৰ প্ৰচেষ্টাত বায়'মে (ছ'চাইটি ফৰ বায়'ডাইভাৰচিটি মেনেজমেণ্ট এণ্ড এডুকেচন)ৰ মানৱ-হাতী সংঘাত প্ৰশমন কাৰ্যসূচীৰ অধীনত হস্তী-বন্ধু নামৰ এক সজাগতামূলক পদক্ষেপ আৰম্ভ কৰে। ই হল মানুহ-হাতী সংঘাত প্ৰশমনৰ বাবে নিবেদিতভাৱে গঠন কৰা এক ক্ষেত্ৰভিত্তিক স্বেচ্ছাসেৱী পদক্ষেপ। বৰ্তমান অসমৰ উদালগুৰি জিলাৰ সংঘাত ক্ষতিগ্ৰস্ত গাঁওসমূহত মুঠ ২৫০ জন প্ৰশিক্ষিত সদস্যসহ ১৬টা দলে সক্ৰিয়ভাৱে জড়িত হৈ আছে। দলৰ সদস্যসকলে ক্ষেত্ৰ পৰ্যায়ৰ সমন্বয়ক সমৰ্থন কৰাত সহায় কৰে, হাতীক মানুহৰ বাসস্থানৰ পৰা নিৰাপদে আঁতৰাই পঠোৱা আৰু জৰুৰীকালীন পৰিস্থিতিৰ সময়ত বন বিভাগ আৰু জিলা প্ৰশাসনৰ সৈতে যোগাযোগ বজাই ৰখাত সহায় কৰে। এই পদক্ষেপৰ ভৱিষ্যত পৰিকল্পনা হৈছে সংঘাতৰ সময়ত উদ্ভৱ হোৱা পৰিস্থিতিৰ উন্নত ব্যৱস্থাপনাৰ বাবে কাৰিকৰী দক্ষতা থকা অধিক ব্যক্তিক জড়িত কৰা আৰু প্ৰশিক্ষণ দিয়া। প্ৰকৃতিপ্ৰেমী দিপু দীপাংকৰ নেতৃত্বত ড° দীপাংকৰ বৰ্মন আৰু নৱজ্যোতি বৰুৱাই বিশেষভাৱে এই পদক্ষেপত সহযোগিতা আগবঢ়াইছে।

No comments