Breaking News

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঐতিহ্যমণ্ডিত গোলাঘাট বেজবৰুৱা বিদ্যালয়ৰ পূৰ্বৰ গৰিমা অক্ষুণ্ণ, মিথিংগা বড়োৰ ৯৪.৮৩শতাংশ নম্বৰ লাভ



ডিজিটেল সংবাদ, গোলাঘাটঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শতিকা গৰকা ঐতিহ্যমণ্ডিত গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এইবাৰো যঠেষ্ট সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। শিক্ষানুষ্ঠানখনৰ মুঠ ১০১ গৰাকী প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৯৮ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হয়। প্ৰথম বিভাগত ৫৪ গৰাকী, দ্বিতীয় বিভাগত ৪১ গৰাকী, তৃতীয় বিভাগত ৩ গৰাকী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ১ গৰাকীয়ে ডিষ্টিংছন আৰু ৩ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰে। বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ ৯৭.০৩%। আনহাতে, বিদ্যালয়খনৰ মেধাৱী ছাত্ৰী মিথিংগা বড়োৱে আটাইকেইটা বিষয়ত লেটাৰ সহ ৬০০ নম্বৰৰ ভিতৰত ৫৬৯ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মিথিংগাই ৯৪.৮৩ শতাংশ নম্বৰ লাভ কৰে। বিদ্যালয়খনৰ পৰা সফলতাৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে মুঠতে ৭২ টা বিষয়ত লেটাৰ নম্বৰ লাভ কৰে। পূৰ্বৰ দৰে বিদ্যালয়খনে গৰিমা অক্ষুণ্ণ ৰাখি সফলতা অৰ্জন কৰাত গোলাঘাটবাসী ৰাইজ আৰু অভিভাৱকসকলে আনন্দ প্ৰকাশ কৰে।



No comments