Breaking News

সুহৃদ পিএনজিবিয়ানৰ উদ্যোগত গৌৰৱ গগৈ সোঁৱৰণী সদৌ অসম কুইজ প্ৰতিযোগিতা



সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এক অন্যতম ছাত্ৰাৱাস পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ একাংশ প্ৰাক্তন আৱাসীৰ দ্বাৰা গঠিত সামাজিক সংগঠন সুহৃদ পিএনজিবিয়ানৰ উদ্যোগত আৰু গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় ( স্বায়ত্ত শাসিত) ৰ আভ্যন্তৰীণ মান নিৰূপক কোষৰ সহযোগত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে সদৌ অসম ভিত্তিত এখনি কুইজ প্ৰতিযোগিতা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাৱাসৰ এজন প্ৰাক্তন আৱাসী প্ৰয়াত গৌৰৱ গগৈৰ সোঁৱৰণত সুহৃদ পিএনজিবিয়ানে অনুষ্ঠিত কৰিবলৈ লৈছে ' জ্ঞান অন্বেষণ ২.০ ' শীৰ্ষক এই কুইজ প্ৰতিযোগিতা। অহা ৩০ এপ্ৰিলত গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় ( স্বায়ত্ত শাসিত) ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগীয়া এই কুইজ প্ৰতিযোগিতাত নৱম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব পাৰিব। প্ৰতিটো দলত দুজনকৈ প্ৰতিযোগী থাকিব পাৰিব আৰু এখন শিক্ষানুষ্ঠানৰ পৰা সৰ্বাধিক তিনিটা  দলে অংশগ্ৰহণ কৰিব পাৰিব।  প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলক অধ্যাপক সূৰ্য কুমাৰ বৰুৱা সোঁৱৰণী চলন্ত ট্ৰফী আৰু নগদ বাৰ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব।  অনুৰূপ ধৰণে দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ দলৰ বাবেও চলন্ত ট্ৰফী আৰু নগদ ধনৰ পুৰস্কাৰ আছে। ইচ্ছুক প্ৰতিযোগীয়ে সবিশেষ জানিবলৈ ৭০০২৬২৮৬১৪, ৮৬৩৮৯৬৫২১৮, ৮৮২১৯০৬৮১৯ নম্বৰত যোগাযোগ কৰিব পাৰে

No comments