নুমলীগড় অঞ্চলৰ সৰবৰহী মহিলা, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী বিমলা শইকীয়াৰ দেহাৱসান, অঞ্চলজুৰি শোক
ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড় অঞ্চলৰ সৰবৰহীয় মহিলা, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী বিমলা শইকীয়াৰ দেহাৱসান। হাফলুটিং গড়কাষৰীযা গাঁৱৰ চমাৰ প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী (প্ৰাক্তন) বিমলা শইকীয়াৰ বাৰ্ধক্যজনিক কাৰণত বুধবাৰে দিনৰ প্ৰায় ৯.৩০ বজাত নুমলীগড় শোধনাগাৰ জেষ্ঠ পুত্ৰ গিৰীশ বৰা (Director Technical, NRL) কোৱাটাৰত শেষ নিশ্বাস ত্যাগ কৰে। সৰবৰহী মহিলা বিমলা শইকীয়াৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰে। বুধবাৰে বিয়লি ভাগলৈ নুমলীগড় লৱণঘাট ৰাজহুৱা শ্মশানত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় শইকীয়াৰ। মৃত্যু সময়ত তেখেত দুজন পুত্ৰ আৰু দুগৰাকী বিবাহিত কন্যা, নাতি-নাতিনী সহ বহু আত্মীয়-স্বজনক এৰি থৈ গৈছে।

No comments