Breaking News

চাহৰ ৰাজহুৱা নিলাম ব্যৱস্থাৰ জৰিয়তে বিক্ৰীৰ ক্ষেত্ৰত সংশোধনীৰ আহ্বান জনাই প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ



সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃ চাহৰ বিক্ৰীৰ ক্ষেত্ৰত বাধ্যতামূলক ৰাজহুৱা নিলাম ব্যৱস্থাৰ যি নীতি বাহাল আছে সেই নীতিৰ ক্ষেত্ৰত কিছু সংশোধনী কৰাৰ দাবীৰে অসম আৰু পশ্চিমবংগৰ চাৰিটাকৈ চাহ উৎপাদনকাৰী সংস্থাই যৌথভাৱে দেশৰ প্ৰধানমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। অসম বটলীফ চাহ উৎপাদনকাৰী সংস্থাৰ অধ্যক্ষ চন্দ কুমাৰ গোঁহাই,  নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ অধ্যক্ষ নীৰজ জালান, ভাৰতীয় চাহ পৰিষদৰ অধ্যক্ষ সৰ্বেশ চহৰীয়া আৰু নৰ্থ বেংগল টি প্ৰডিউচাৰ ৱেলফেয়াৰ এচ'চিয়েছনৰ সভাপতি সঞ্জয় কুমাৰ ধানথিৰ দ্বাৰা স্বাক্ষৰিত এই স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে যে ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ১ অক্টোবৰ, ২০১৫ ৰ এক গেজেট নিৰ্দেশনা অনুসৰি দেশৰ সকলো পঞ্জীয়নভুক্ত চাহ উৎপাদনকাৰীয়ে নিজৰ বাৰ্ষিক উৎপাদনৰ ৫০ শতাংশতকৈ কম চাহ ৰাজহুৱা নিলাম ব্যৱস্থাৰ জৰিয়তে বিক্ৰী কৰিব নোৱাৰিব আৰু সময় সাপেক্ষে এই শতাংশৰ পৰিমাণ হ্ৰাস বৃদ্ধি হৈ থাকিব। এই সন্দৰ্ভত চাৰিটাকে চাহ উৎপাদনকাৰী সংস্থাই জনায় যে এই বাধ্যতামূলক ৰাজহুৱা নিলাম ব্যৱস্থাৰ জৰিয়তে চাহৰ বিক্ৰী কৰা ব্যৱস্থা চাহ উৎপাদনকাৰী সকলৰ বাবে বাস্তৱসন্মত নহয় কিয়নো ৰাজহুৱা নিলাম ব্যৱস্থা যথেষ্ট এক ব্যয়বহুল কাৰবাৰ আৰু ব্যক্তিগত ভাৱে চাহ বিক্ৰী কৰাৰ তুলনাত এই ব্যৱস্থাই চাহ উৎপাদনকাৰী সকলক লোকচানৰ সন্মুখীন কৰায়। ভাৰতৰ সৰ্বমুঠ চাহ উৎপাদনৰ প্ৰায় ৮৩ শতাংশ অসম তথা উত্তৰ ভাৰতে কৰে,  আনহাতে কেৱল ১৭ শতাংশ চাহহে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে উৎপাদন কৰে। স্মাৰকপত্ৰ প্ৰেৰণ কৰা অসম তথা পশ্চিমবংগৰ চাৰিটা চাহ উৎপাদনকাৰী সংস্থাই সমূহীয়াভাৱে উত্তৰ ভাৰতৰ ৬০ শতাংশ চাহ উৎপাদন কৰে। প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত আহ্বান জনোৱা হয় যে এই বাধ্যতামূলক ৫০ শতাংশ চাহ ৰাজহুৱা নিলাম ব্যৱস্থাৰ জৰিয়তে বিক্ৰী কৰা নীতি বাতিল কৰা হওক অথবা কিছু সংশোধন কৰা হওক আৰু চাহ উৎপাদনকাৰী সকলক তেওঁলোকৰ উৎপাদিত চাহ বিক্ৰীৰ পদ্ধতি বাচনি কৰাৰ পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হওক আৰু চাহ উৎপাদনকাৰী আৰু সহযোগী সকলক ২০০৩ চনৰ টি মাৰ্কেটিং কণ্ট্ৰল দ্বিতীয় সংশোধনী নীতিৰ আধাৰত বিভিন্ন দিশত ৰেহাই আগবঢ়োৱা হওক।

No comments