অসম-উৰিষ্যাৰ সাহিত্যিক সমন্বয়ঃ ‘সেতু’ আৰু ‘এথাৰে এক অৰণ্য থিলা’ উন্মোচন
ডিজিটেল ডেস্কঃ অসম আৰু উৰিষ্যাৰ ভাষা-সাহিত্যৰ মাজত এক সুন্দৰ সমন্বয়ৰ চানেকি দাঙি ধৰি সোমবাৰে গুগল মিটৰ জৰিয়তে এক বৌদ্ধিক অনুষ্ঠান সম্পন্ন হৈ যায়। উৰিয়া আৰু অসমীয়া সাহিত্যক একেখন মঞ্চতে উপৱিষ্ট কৰোৱাৰ মানসেৰে আয়োজিত এই অনুষ্ঠানত দুয়োখন ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গ্ৰন্থ আৰু আলোচনী উন্মোচন অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল সাহিত্য অকাডেমি বঁটা বিজয়ী বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ কালজয়ী উপন্যাস ‘ইয়াত এখন অৰণ্য আছিল’ৰ উৰিয়া অনুবাদ ‘এথাৰে এক অৰণ্য থিলা’ৰ শুভ উন্মোচন। মালবিকা শৰ্মাৰ দ্বাৰা অনূবাদিত এই ডিজিটেল গ্ৰন্থখন উৰিষ্যাৰ বিশিষ্ট লেখক তথা গৱেষক দীপক কুমাৰ পাণ্ডাই আনুষ্ঠানিকভাৱে উন্মোচন কৰে। একেটা অনুষ্ঠানতে মালবিকা শৰ্মা আৰু ত্ৰিদীপ বৰুৱাৰ যুটীয়া সম্পাদনাৰে প্ৰকাশিত অসমীয়া আৰু উৰিয়া ভাষাৰ দ্বিভাষিক ডিজিটেল আলোচনী ‘সেতু’ উন্মোচন কৰা হয়। পদ্মশ্ৰী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাই এই আলোচনীখন উন্মোচন কৰি দুয়োখন ৰাজ্যৰ সাহিত্যিক আদান-প্ৰদানৰ এই প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে। বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতি অকাডেমি পুৰস্কাৰ বিজেতা বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, পদ্মশ্ৰী ড০ সূৰ্য কান্ত হাজৰিকা, সদৌ অসম লেখিকা সমাৰোহৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, বিশিষ্ট লেখক দীপক কুমাৰ পাণ্ডা, পণ্ডিত বাণী ভূষণ শাস্ত্ৰী, শকুন্তলা মিশ্ৰ, মৃদুলা মহান্তি, তাপস ৰঞ্জন দাশ, নৱজিৎ দাস, মৃদুস্মিতা শৰ্মা, নিৰ্মিতা বৰগোহাই, ৰিক্তা দে, শিখা বৰা, স্বপ্না দেৱী দাস, উলুপী কাকতি, সস্মিতা ত্ৰিপাঠী, মিনিমা দাস, জয়শ্রী দেৱী, আলোক দাস, ৰাজদীপ বৰুৱা, দীক্ষা খাটনিয়াৰ, ড০ বিনীতা নাথ, ঋক বৰুৱা, সবিতা ৰায়, পাপৰি দেৱী, অংকিতা শৰ্মা, পৰিস্মিতা শৰ্মা আদিৰ উপস্থিতিয়ে অনুষ্ঠানটো সৰ্বাংগসুন্দৰ কৰি তুলিলে। সমগ্ৰ অনুষ্ঠানটো মালবিকা শৰ্মা আৰু ত্ৰিদীপ বৰুৱাই অতি সুচাৰুৰূপে পৰিচালনা কৰে। উপস্থিত বক্তাসকলে মত পোষণ কৰে যে এনেধৰণৰ অনুবাদ আৰু দ্বিভাষিক আলোচনীৰ প্ৰকাশে অসম আৰু উৰিষ্যাৰ সাংস্কৃতিক আৰু সাহিত্যিক সম্পৰ্ক অধিক সুদৃঢ় কৰিব। শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰি সভাৰ সামৰণি মৰা হয়।

No comments