Breaking News

বোকাখাতৰ চুপহা সত্ৰৰ সত্ৰাধিকাৰ ঈশ্বৰ চন্দ্ৰ মহন্তদেৱৰ দেহাৱসান



ডিজিটেল সংবাদ, বোকাখাতঃ চুপহা সত্ৰৰ সত্ৰাধিকাৰ ঈশ্বৰ চন্দ্ৰ মহন্তদেৱৰ দেহাৱসান। বাৰ্ধক্যজনিত কাৰণত মঙ্গলবাৰে বিয়লি প্ৰায় ৪ বাজি ৪৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰ তথা কয়লাখাত প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহন্তদেৱে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৮ বছৰ ৷ ঈশ্বৰ চন্দ্ৰ মহন্ত অসম সত্ৰ মহাসভাৰ বোকাখাত জিলা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক হোৱাৰ উপৰিও অসম সাহিত্য সভাৰ আজীৱন সভ্য তথা অঞ্চলটোৰে এগৰাকী সৰবৰাহী ব্যক্তি আছিল। মৃত্যুৰ সময়ত তেখেতে দুজন পুত্ৰ আৰু এগৰাকী জীয়ৰী,নাতি- নাতিনীৰ লগতে ভাতৃ ,ভতিজা আৰু অগণন আত্মীয় কুটুম্বক এৰি থৈ গৈছে। তেখেতৰ মৃত্যুত গ্ৰাছ বোকাখাত, বোকাখাত সত্ৰ মহাসভা, বোকাখাত পুৱতি সাহিত্য সভা , সন্ধানী লেখিকা সমাৰোহ সমিতি, ডিফলুপৰীয়া সাহিত্য সভা, বোকাখাত ব্রাহ্মণ সমাজ, অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত সমজিলা  সাংবাদিক মঞ্চকে ধৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

No comments