বৰগীতত প্ৰিয়াংকী শৰ্মালৈ ৰাষ্ট্ৰীয় বৃত্তি
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট চেক্ৰেড হাৰ্ট হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু গোলাঘাট এৰেঙাপাৰাৰ স্থায়ী বাসিন্দা দেৱৰঞ্জন শৰ্মা আৰু কবিতা শৰ্মাৰ একমাত্ৰ কন্যা প্ৰিয়াংকী শৰ্মাই ২০২৫-২৬ বৰ্ষৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা বৰগীতৰ শিতানত 'সাংস্কৃতিক প্ৰতিভা সন্ধানী বৃত্তি (২০২৫-২৬ বৰ্ষ) লাভ কৰিছে। সৰুৰে পৰা মাতৃ কবিতা শৰ্মাৰ তত্বাৱধানত সংগীতৰ শিক্ষা গ্ৰহণ কৰি আহিছে আৰু অজিত কুমাৰ বৰাৰ ওচৰত বৰগীতৰ প্ৰশিক্ষণ লৈ আছে।

No comments