Breaking News

‘সুহৃদ পিএনজিবিয়ান’ৰ উদ্যোগত হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত গৌৰৱ গগৈ সোঁৱৰণী সদৌ অসম কুইজ প্ৰতিযোগিতা সম্পন্ন



সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ একাংশ প্ৰাক্তন আৱাসীৰ  দ্বাৰা সংগঠিত ‘সুহৃদ পিএনজিবিয়ান’ নামৰ বেচৰকাৰী সামাজিক সংস্থাৰ উদ্যোগত আৰু হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় (স্বায়ত্ত শাসিত) গোলাঘাটৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে এখনি অসম ভিত্তিক কুইজ প্ৰতিযোগিতা সম্পন্ন হয়।ছাত্ৰাবাসটোৰ প্ৰাক্তন আৱাসী প্ৰয়াত গৌৰৱ গগৈৰ সোঁৱৰণত আয়োজন কৰা  ‘জ্ঞান অন্বেষণ ২.০' শীৰ্ষক এই প্ৰতিযোগিতাখন নৱম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে মুকলি আছিল। ৰাজ্যৰ ভিন্ন স্থানৰ ২৭টা দলে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি বাৰ হাজাৰ প্ৰাইজমানিযুক্ত অধ্যাপক সূৰ্যকুমাৰ বৰুৱা সোঁৱৰণী বঁটা লাভ কৰিবলৈ সক্ষম হয় যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষাৰ্থী কৌস্তভ বৰগোঁহাই আৰু বিবেক দত্তই। দ্বিতীয় স্থান লাভেৰে ন হাজাৰ প্ৰাইজমানিযুক্ত লক্ষী সন্দিকৈ সোঁৱৰণী বঁটা লাভ কৰিবলৈ সক্ষম হয় নলবাৰী মহাবিদ্যালয়ৰ শুভ্ৰজ্যোতি কাশ্যপ আৰু কৃষাণু চক্ৰৱৰ্তীৰ দলটোৱে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিশিকেশ পৰাশৰ আৰু প্ৰণৱজ্যোতি গগৈৰ দলটোৱে তৃতীয় স্থান লাভেৰে ছয় হাজাৰ প্ৰাইজমানি যুক্ত স্বৰ্ণকান্ত ফুকন সোঁৱৰণী বঁটা লাভ কৰিবলৈ সক্ষম হয়। ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী প্ৰাৰ্থনা দত্তই শ্ৰেষ্ঠ দৰ্শক প্ৰতিনিধিৰ সন্মান লাভ কৰি একহাজাৰ টকাযুক্ত হৰমীত সিং সোঁৱৰণী বঁটা লাভ কৰে। কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে গোলাঘাট কুইজ ফ’ৰামৰ সভাপতি তথা ফৰকাটিং মহাবিদ্যালয় ( স্বায়ত্ত শাসিত) ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক শৰৎ চেতিয়াই। প্ৰতিযোগিতাখনৰ উদ্বোধন কৰে প্ৰাক্তন পিএনজিবিয়ান তথা চৰকাৰী আদৰ্শ মহাবিদ্যালয়, দেইথৰৰ অধ্যক্ষ ড° দীপক বৰাই। অনুষ্ঠানটোৰ সহযোগী আয়োজক ৰূপে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ হৈ আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰশান্ত বৰাই। প্ৰতিযোগিতাখনত গোলাঘাটৰ কুইজ ক্ষেত্ৰখনৰ অন্যতম বাটকটীয়া শিক্ষাবিদ প্ৰদীপ সোণাৰ, ভাস্কৰ কাকতি, বিশিষ্ট শিক্ষাবিদ ঊৰ্মিলা চেতীয়া বৰুৱা, বিভিন্ন ক্ষেত্ৰত সফলভাৱে প্ৰতিষ্ঠা লাভ কৰা বহুকেইজন প্ৰাক্তন পিএনজিবিয়ানকে ধৰি যথেষ্ট সংখ্যক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।অনুষ্ঠানটোৰ আঁত ধৰে সুহৃদ পিএনজিবিয়ানৰ সম্পাদক, সহ-আয়োজক মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ মুৰব্বী ড° পলাশ সন্দিকৈয়ে। উল্লেখযোগ্য যে ২০২৩চনত প্ৰতিষ্ঠা লাভ কৰা ছাত্ৰাবাসটোৰ শুভাকাঙ্খী প্ৰাক্তন আৱাসীৰ পুঁজিৰে পৰিচালিত সুহৃদ পিএনজিবিয়ান  নামৰ সংস্থাটোৱে অসম ভিত্তিক কুইজ প্ৰতিযোগিতাখন বিগত বৰ্ষৰ পৰা আয়োজন কৰি অহাৰ লগতে বিভিন্ন সামাজিক কামত দৃষ্টান্তমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। সেইবোৰৰ ভিতৰত  অৰ্থনৈতিক ভাৱে দুৰ্ব্বল কিন্তু মেধাসম্পন্ন ছাত্ৰাবাসটোৰ বৰ্তমানৰ তিনিজনকৈ আৱাসীক সাতহাজাৰ টকাকৈ এককালীন সাহাৰ্য প্ৰদান, ছাত্ৰাবাসটোত প্ৰাক্তন আৱাসী প্ৰয়াত জিতুমণি ফুকনৰ নামত বিশ্ববিদ্যালয়খনৰ ছাত্ৰাবাসটোত এটা পুথিভঁৰাল প্ৰতিষ্ঠা কৰি বছৰি বুজন পৰিমানৰ গ্ৰন্থপ্ৰদান, জুলাই মাহত অসমৰ একোখন বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন অন্যতম।

No comments