বিশিষ্ট চাহ উদ্যোগপতি, নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিলৈ ' টাইমছ্ বিজনেছ ' বঁটা
সিদ্ধাৰ্থ সন্দিকৈঃ দেশৰ অন্যতম বৃহৎ আৰু প্ৰতিষ্ঠিত সংবাদ গোষ্ঠী টাইমছ্ গ্ৰুপ ( বেনেট ক'লমেন এণ্ড কোম্পানী লিমিটেড) ৰ দ্বাৰা গুৱাহাটীৰ পঞ্চ তাৰকা হোটেল তাজ ভিভাণ্টাত আয়োজন কৰা হয়' টাইমছ্ বিজনেছ এৱাৰ্ড ' শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ। উক্ত অনুষ্ঠানত গোলাঘাটৰ সুসন্তান, বিশিষ্ট চাহ উদ্যোগপতি তথা অভিযন্তা আৰু নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিলৈ আগবঢ়োৱা হয় ' টাইমছ্ বিজনেছ ' বঁটা। ভাৰতৰ চাহ উদ্যোগ খণ্ডলৈ অনবদ্য অৱদান আগবঢ়োৱা আৰু চাহ উদ্যোগখণ্ডৰ বিভিন্ন সমস্যাৰাজি সন্দৰ্ভত সজোৰে মাত মাতি নিজৰ বলিষ্ঠ নেতৃত্বৰ জৰিয়তে চাহ উদ্যোগটোক গতিশীলতা প্ৰদান কৰাৰ স্বীকৃতি স্বৰূপে বিদ্যানন্দ বৰকাকতিলৈ আগবঢ়োৱা হয় এই বিশেষ বঁটা। বলিউডৰ বিশিষ্ট অভিনেতা, ' বেড মেন ' হিচাপে জনপ্ৰিয় খলনায়ক গুলছন গ্ৰ'ভাৰে বৰকাকতিক প্ৰদান কৰে ' টাইমছ্ বিজনেছ ' বঁটা।

No comments