Breaking News

গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক বঁটা প্ৰদান, সম্বৰ্দ্ধনা আৰু নৱাগত আদৰণী অনুষ্ঠান সম্পন্ন



সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃ  গোলাঘাট জিলাৰ এখন আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ৰ যোগেন পুণ্যপ্ৰভা প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত কৰা হয় এক বিশেষ অনুষ্ঠানৰ। অনুষ্ঠানত  সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে বিদ্যালয়ৰ ২০২৫-২৬ শিক্ষাবৰ্ষৰ শৈক্ষিক বঁটা প্ৰদান আৰু একাদশ শ্ৰেণীৰ কলা শাখাত নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থী সকলক আদৰণি জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে গোলাঘাট জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা বিদ্যালয় গীত পৰিৱেশন কৰা হয়।  ইয়াৰ পিছতে মূল সভা অনুষ্ঠিত কৰা হয়।  



গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সভাপতি তথা বিশিষ্ট নিবন্ধকাৰ ডাঃ অজিত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত শৈক্ষিক ন্যাসৰ উপ সভাপতি পৰশ বৰুৱা, সম্পাদক তথা বিদ্যালয়ৰ উপাধ্যক্ষা বনশ্ৰী কাকতি, শৈক্ষিক পৰিষদৰ ড০ জুৰী দেৱী, চফিয়া হুছেইন,  বিদ্যালয়ৰ অধ্যক্ষা স্মৃতিৰেখা বৰা, শিক্ষাবিদ লনী ফুকন,  ড০ সুৰজিৎ দত্ত, অভিভাৱক তথা অন্যতম শুভাকাংক্ষী জিতু ফুকনক মঞ্চত আসন গ্ৰহণ কৰোৱা হয়। বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰিন্স ফুকনে আঁত ধৰা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিভিন্ন বঁটা প্ৰদান কৰাৰ উপৰিও ২০২৫-২৬ শিক্ষাবৰ্ষৰ বিভিন্ন শ্ৰেণীৰ শৈক্ষিক বঁটা সমূহ প্ৰদান কৰা হয়। বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক ক্ৰমে অজিত বৰুৱা, জেহিৰুল হুছেইন আৰু কন্দৰ্প তামুলীৰ সোঁৱৰণত বঁটা প্ৰদান কৰা হয়।  লগতে জলী দত্ত সোঁৱৰণী বঁটা, ৰমাকান্ত কাকতি আৰু সুৰপ্ৰভা কাকতি সোঁৱৰণী বঁটা, ত্ৰাহিৰাম ফুকন সোঁৱৰণী বঁটা, ভৰত চন্দ্ৰ ফুকন সোঁৱৰণী বঁটা আদি বিভিন্ন বঁটা আগবঢ়োৱা হয়। 



এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয় খনৰ ভিতৰত শ্ৰেষ্ঠ হোৱা আৰচিন নাজনিন আহমেদ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিদ্যালয়ৰ ভিতৰত শীৰ্ষস্থান অধিকাৰ কৰা গীতম বৰাক কেইবাটাও বঁটা প্ৰদান কৰাৰ লগতে বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ উপৰিও বিভিন্ন বিষয়ত লেটাৰ নম্বৰ প্ৰাপক তথা সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থীসকলক বিষয় শিক্ষক সকলৰ তৰফৰ পৰাও বঁটা আগবঢ়োৱা হয়।  ইয়াৰ পিছতে গোলাঘাট জাতীয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক কলা শাখাত নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থী সকলৰ লগতে অন্যান্য শ্ৰেণী সমূহত নামভৰ্ত্তি কৰা শিক্ষাৰ্থী সকলক আদৰণি জনোৱা হয়।

No comments