শিলনীজান শাখা কবি সন্মিলনৰ সহযোগত কাৰ্বি আংলং জিলা কবি সন্মিলনৰ অষ্টম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত
পৰিমিতা গোস্বামী, শিলনীজানঃ দেওবাৰে শিলনীজান শাখা কবি সন্মিলনৰ সহযোগত কাৰ্বি আংলং জিলা কবি সন্মিলনৰ অষ্টম বাৰ্ষিক অধিৱেশনখনি দিন যোৰা কাৰ্যসূচীৰে শান্তিপুৰ স্থিত দেওপানী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত হৈ যায়। সম্পাদক কৌস্তৱ খাউণ্ডে আট ধৰা অনুষ্ঠানটিত পুৱা ১০ বজাত পতাকা উত্তোলন কৰে কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সভাপতি ছাৰএৎ হাঞ্চে । সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি পথাৰ কবি ৰাম গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে শিলনীজান শাখা কবি সন্মিলনৰ সভাপতি নিৰ্মল সিঙে। স্মৃতি তৰ্পণ কৰে শাখাৰ উপ-সভাপতি অনিমা নেওগ বৰুৱাই। পুৱা ১১ বজাত মুল সভা আৰু কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয়। কৌস্তৱ খাউণ্ডে আট ধৰা সভাত সভাপতিত্ব কৰে ছাৰএৎ হাঞ্চে। আদৰণি ভাষণ প্ৰদান কৰে শিলনীজান শাখা কবি সন্মিলনৰ সম্পাদক পৰিমিতা গোস্বামীয়ে। আজিৰ সভাত উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱা, সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইন, সম্পাদক কৃষ্ণ দৈমাৰী, সদৌ অসম কবি সন্মিলনৰ কোষাধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, সদৌ অসম কবি সন্মিলনৰ প্ৰকাশন উপ সদৌ অসম কবি সন্মিলনৰ প্ৰকাশন উপ সমিতিৰ সভাপতি প্ৰণৱ ঢেকিয়াল ফুকন, বোকাজান শাখা কবি সন্মিলনৰ সভাপতি বাৰিম ইংতি, শিলনীজান শাখা কবি সন্মিলনৰ সভাপতিকে ধৰি বিষয়ববীয়া, কাৰ্বি আংলং জিলাৰ শাখা সমূহৰ বিষয়ববীয়া সকল আৰু বৰপথাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ জ্যোতি বড়ো বাইদেউকে ধৰি ভালেসংখ্যক কবি আৰু কবিতাৰ অনুৰাগী উপস্থিত থাকে। সভাত প্ৰায় ৩৫ জন কবিয়ে কবিতা পাঠ কৰে। সভাৰ আৰম্ভণিতেই লক্ষিমী বেপীয়ে সুধাকণ্ঠৰ এটি গীত পৰিৱেশন কৰে। কবিতা পাঠৰ উপৰিও জ্যোতি বড়ো আৰু দিপালী শৰ্মাই গীত পৰিৱেশন কৰে। আজিৰ সভাত শিলনীজান শাখা কবি সন্মিলনৰ চাৰিমহীয়া কাব্য পত্ৰিকা “কুঁহি” উন্মোচন কৰে দিলীপ কুমাৰ শৰ্মাই। উন্মোচকৰ একাষাৰত তেখেতে চাৰিমাহৰ মূৰে মূৰে এখন কাব্য পত্ৰিকা প্ৰকাশ কৰাৰ বাবে শিলনীজান শাখা কবি সন্মিলনক প্ৰসংশা কৰে। আজিৰ সভাতে শিলনীজান শাখা কবি সন্মিলনৰ পত্ৰিকা সম্পাদক পুষ্পা শইকীয়া নেওগৰ এখন কাব্য সংকলন “বুকুৰ বলুকাত বাউলী ফুল” উন্মোচন হয়। উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইনে। উন্মোচকৰ একাষাৰত সাৰুৱা ভাষণ ৰাখে। সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰা সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱাই কবিতা সম্পৰ্কে সুন্দৰ ভাষণ ৰাখে।আজিৰ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ড৹ প্ৰণৱ ঢেকিয়াল ফুকনে কবিতা নিৰ্মাণ আৰু পাঠ সম্পৰ্কে ৰখা ভাষণে উপস্থিত সকলোৰে মন আকৰ্ষণ কৰে। আজিৰ সভাৰ কবিতা পাঠৰ অনুষ্ঠানটিৰ সঞ্চালনা কৰে বাৰিম ইংতিয়ে। শাখাৰ সভাপতি নিৰ্মল সিঙে ভাষণত কেন্দ্ৰৰ আৰু জিলা কবি সন্মিলনৰ বিষয়ববীয়া সকলৰ উপস্থিতিৰ শলাগ লয়, কবি সকলৰ কবিতা পাঠত আপ্লুত হয় বুলি তেখেতৰ ভাষণত ব্যক্ত কৰে। সম্পাদকে শলাগৰ শৰাই আগবঢ়াই আৰু কবিতা পাঠৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা কবি সকলক জিলা কবি সন্মিলনৰ তৰফৰ পৰা মানপত্ৰ বিতৰণ কৰে। সভাপতিৰ মন্তব্যৰ পাছতেই কাব্যমন্ত্ৰ পাঠেৰে আজিৰ সভাখনৰ সফল সামৰণি পৰে।

No comments