Breaking News

ৰাষ্ট্ৰীয় টাগ অৱ ৱাৰ প্ৰতিযোগিতালৈ অসম দলৰ খেলুৱৈৰ নিৰ্বাচন সম্পন্ন



ডিজিটেল সংবাদ, গোলাঘাটঃ  আগন্তক ৩৯ সংখ্যক ৰাষ্ট্ৰীয় টাগ অৱ ৱাৰ প্ৰতিযোগিতালৈ অসমৰ মহিলা দলৰ খেলুৱৈৰ নিৰ্বাচন শনিবাৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ যায়। অসম ৰাজ্যিক টাগ অৱ ৱাৰ সন্থাৰ সাধাৰণ সম্পাদক, আন্তৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ ও ৰেফাৰী বিবেকানন্দ হাজৰিকা আৰু মুখ্য উপদেষ্টা পূৰ্ণ ৰাজখোৱাৰ উপস্থিতিত প্ৰায় ২১ গৰাকী খেলুৱৈৰ মাজৰ পৰা ৯ জনীয়া দলতো নিৰ্বাচিত কৰা হয়। নিৰ্বাচিত খেলুৱৈ সকল হল- তৰা গগৈ, ৰূপশিখা ডেকা, মুন বৰুৱা, প্ৰণামিকা গগৈ, মৌচুমী লয়িং বৰি, বৃষ্টি লয়িং, হলী বৰুৱা, দেৱীকা নন্দিনী আৰু অলকা দলে। এইসকল খেলুৱৈয়ে অহা জুন মাহৰ ২২ তাৰিখৰ পৰা ২৬ তাৰিখলৈ জম্মু- কাশ্মীৰৰ কুলগামত অনুষ্ঠিত হবলগীয়া ৩৯ সংখ্যক ৰাষ্ট্ৰীয় টাগ অৱ ৱাৰ প্ৰতিযোগীতা খনত অসমক প্ৰতিনিধিত্ব কৰিব। খেলুৱৈৰ নিৰ্বাচনী অনুস্থানটোত গোলাঘাট জিলা টাগ অৱ ৱাৰ সন্থাৰ সভাপতি জ্ঞান জ্যোতি নাথ, সম্পাদক আফতাব আলী, বোকাখাত টাগ অৱ ৱাৰ সন্থাৰ সভাপতি তথা প্ৰাক্তন খেলুৱৈ ও অৱসৰপ্ৰাপ্ত প্ৰবক্তা সুবোধ বৰা, নিৰ্বাচক হিচাপে ৰাষ্টীয় খেলুৱৈ সজাগ বৰা, নৱজিত তামুলী, বিতোপন শইকীয়া, বিকাশ গগৈ, ৰিতুৰাজ বৰা, শশাংক বৰুৱাৰ লগতে বহুসংখ্যক খেলুৱৈ উপস্থিত থাকে।

উল্লেখযোগ্য যে সজাগ বৰা আৰু নৱজিত তামুলীক প্ৰতিযোগীতাখনিলৈ দলৰ প্ৰশিক্ষক আৰু মেনেজাৰ হিচাপে দায়িত্ব দিয়া হয়। অসম দলৰ খেলুৱৈ সকলক জিলা সভাপতি জ্ঞান জ্যোতি নাথে শুভেচ্ছা জনাইছে।

No comments