নুমলীগড় ডিপিএছৰ ছাত্ৰী বেদস্তুতি কাকতিৰ সাফল্যঃ চিবিএছচি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কলা শাখাত ৯৫ শতাংশ নম্বৰ লাভ
ডিজিটেল সংবাদ, গোলাঘাটঃ শেহতীয়াকৈ ঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড (CBSE)ৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত গোলাঘাটৰ বেদস্তুতি কাকতিৰ নামৰ ছাত্ৰীগৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। নুমলীগড় দিল্লী পাব্লিক স্কুল (DPS Numaligarh)ৰ ছাত্ৰী বেদস্তুতি কাকতিয়ে কলা শাখাত ৯৫ শতাংশ নম্বৰ লাভ কৰি এক উজ্জ্বল কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। বেদস্তুতি গোলাঘাট নগৰৰ বাসিন্দা তথা গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ভাস্কৰ কাকতিৰ কন্যা। ছাত্ৰীগৰাকীৰ এই ব্যতিক্ৰমী আৰু ধাৰাবাহিক সাফল্যত এতিয়া তেওঁলোকৰ পৰিয়াল তথা সমগ্ৰ গোলাঘাটবাসী উৎফুল্লিত হৈ পৰিছে। বেদস্তুতিৰ এই গৌৰৱোজ্জ্বল ফলাফলৰ আঁৰত তেওঁৰ গভীৰ অধ্যৱসায়, শিক্ষাগুৰুসকলৰ সঠিক মাৰ্গদৰ্শন আৰু পিতৃ-মাতৃৰ প্ৰেৰণা আছিল বুলি পৰিয়ালবৰ্গই প্ৰকাশ কৰে। ছাত্ৰীগৰাকীৰ এই বৃহৎ সাফল্যৰ বাবে নুমলীগড় দিল্লী পাব্লিক স্কুল কৰ্তৃপক্ষৰ লগতে বিভিন্নজনে তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে আৰু আগন্তুক দিনত তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

No comments