শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ দেহাৱসান
ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত বুধবাৰে পুৱা দেহাৱসান ঘটে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ। গুৱাহাটীত থকা চিকিৎসালয়ত ৯৬ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে, যোৰহাট জিলাৰ মৰিয়নিৰ চেলেংহাটৰ স্থায়ী বাসিন্দা প্ৰিয়দা গগৈৰ নশ্বৰদেহ গুৱাহাটীৰ পৰা তেওঁৰ জন্মভূমি চেলেংহাটলৈ লৈ যোৱা হ’ব। তাতেই পৰিয়ালৰ লোক, আত্মীয় আৰু গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।
প্ৰিয়দা গগৈৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল-সংগঠন, সমাজকৰ্মী আৰু শুভাকাংক্ষীসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

No comments