Breaking News

২০২৬ বৰ্ষৰ গ্ৰাছৰ বঁটা সমূহ ঘোষণা



ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাতৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান 'গ্রাছে' যোৱা এঘাৰটা বছৰে বিভিন্ন ক্ষেত্ৰখনত যেনে -স্বাস্থ্য, শিক্ষা, ক্রীড়া, অনাময়, পৰিৱেশ সংৰক্ষণ (বৃক্ষ ৰোপণ আৰু স্বচ্ছতা), প্রাকৃতিক দুর্যোগ, শিশু আৰু মহিলা উন্নয়ন, দক্ষতা বিকাশ, বিভিন্ন সজাগতা সভা, আর্থসামাজিক উন্নয়ন আদিত অসমৰ বিভিন্ন অঞ্চলত কাম কৰি অহা ব্যক্তিক বঁটা প্ৰদান কৰি আহিছে। ২০২৬ বৰ্ষৰ বঁটা সমূহ ঘোষণা কৰে সভাপতি-সম্পাদক ক্ৰমে অংকুৰ বৰঠাকুৰ আৰু ইন্দ্ৰেশ্বৰ বৰাই। সেউজকৰণ আৰু স্বচ্ছতাৰ ওপৰত কাম কৰা সমাজৰ এজন ব্যক্তিক নির্বাচিত কৰি ধনিল বৰঠাকুৰৰ সোঁৱৰণত 'গ্ৰাছগ্রীণ এৱাৰ্ড' বঁটাটি এইবাৰ আগবঢ়োৱা হৈছে কাকডোঙা চুমনি গাঁৱৰ দেৱজিৎ গগৈক। গগৈয়ে বিগত বছৰ ধৰি পৰিৱেশ সংৰক্ষণ ক্ষেত্ৰত জড়িত থাকি গছ পুলি ৰোপণৰ উপৰিও সাচি গছৰ খেতিৰ ওপৰ সজাগত সভা অনুষ্ঠিত কৰাৰ লগতে আৰু পাঁচ শতাধিক বৰগছ ৰোপণ কৰি আহিছে। কৃষিৰ ক্ষেত্ৰত নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো সংস্থাপিত কৰা ব্যক্তিক কমলেশ্বৰ বৰাৰ সোঁৱৰণি 'গ্ৰাছ ফাৰ্মাৰ এৱাৰ্ড' এইবাৰ আগবঢ়োৱা হৈছে কমাৰগাঁও বৰপাক গাঁৱৰ যতিন শইকীয়াক। অসম ভিত্তিত মহীচন্দ্ৰ মিৰি সোঁৱৰণি 'গ্ৰাছ পৰিৱেশ সুৰক্ষা বঁটা' আগবঢ়োৱা হৈছে বন্যপ্রাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি অহা প্রকৃতিপ্রেমী ডিগবৈৰ দেৱজিৎ মৰাণক আৰু নাৰী সবলীকৰণৰ ওপৰত কাম কৰি অহা মহিলা ১ নং বহিখোৱা গাঁৱৰ জানমণি দলেক নুমলী হাজৰিকা সোঁৱৰণি 'গ্ৰাছ ৰমেন এৱাৰ্ড' প্ৰদান কৰা হ'ব। জানমণিয়ে গাঁৱৰ ভালেখিনি মহিলাক বোৱা-কটা শিল্প কৰ্মৰ যোগেদি স্বাৱলম্বী কৰি সংস্থাপিত কৰি আহিছে। আনহাতে সাহিত্য-সংস্কৃতি, সামাজিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা বোকাখাতৰ শৰৎ ৰঞ্জন শর্মালৈ কামাখ্যা প্রসাদ সোণাৰী সোঁৱৰণি 'সমাজ শুভানুধ্যায়ী' বঁটা প্ৰদান কৰা হ'ব। 'সমাজ উদ্যমিতা বঁটা' আগবঢ়োৱা হৈছে নুমলীগড় তেল শোধনাগাৰৰ জ্যেষ্ঠ মহাপ্ৰৱন্ধক মিন্টু সন্দিকৈলৈ।

বঁটা সমূহ জুন মাহৰ শেষৰফালে এক গাম্ভির্যপূর্ণ অনুষ্ঠানত প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিছে।


No comments