Breaking News

গোলাঘাটত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত ‘বন্দে মাতৰম’ গীতৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন: বিশেষ বৌদ্ধিক অনুষ্ঠান সম্পন্ন



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত যোৱা শনিবাৰে গোলাঘাটস্থিত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘বন্দে মাতৰম’ গীতৰ ১৫০ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে এক গাম্ভীৰ্যপূৰ্ণ বৌদ্ধিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অৱসৰপ্ৰাপ্ত অধ্যক্ষ লীলাধৰ শইকীয়াৰ পৰিচালনাত অনুষ্ঠিত এই অনুষ্ঠানটোৰ আৰম্ভণিতে ‘বন্দে মাতৰম’ গীতৰ তালে তালে এটি মনোমোহা নৃত্য পৰিৱেশন কৰা হয়। এই সাংস্কৃতিক প্ৰদৰ্শনে উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে। 

উক্ত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি বৌদ্ধিক ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্ত সম্পৰ্ক প্ৰমুখ তথা যোৰহাট কলেজৰ অধ্যক্ষ সৌমিত্ৰ পূজাৰীয়ে। তেখেতে নিজৰ ভাষণত ‘বন্দে মাতৰম’ গীতৰ ঐতিহাসিক পটভূমি, ভাৰতৰ স্বাধীনতা সংগ্ৰাম তথা জাতীয় চেতনাৰ বিকাশত এই অমৰ গীতটিৰ অতুলনীয় অৱদান আৰু বৰ্তমান সময়ত ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰাসংগিকতা সম্পৰ্কে বিশদভাৱে আলোকপাত কৰে। এই ভাষণে উপস্থিত সকলোৰে মাজত দেশপ্ৰেম, জাতীয় গৌৰৱবোধ আৰু সমাজসেৱাৰ প্ৰতি এক নতুন উদ্দীপনাৰ সৃষ্টি কৰে। 

বৌদ্ধিক আলোচনাৰ অন্তত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যোৰহাট জিলাৰ বিভাগ কাৰ্যবাহ শচীন মেচে সকলোকে ধন্যবাদ জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায়। সভাৰ শেষত প্ৰেক্ষাগৃহত উপস্থিত থকা সকলোৱে সমবেত কণ্ঠেৰে ‘বন্দে মাতৰম’ গীত পৰিৱেশন কৰে আৰু দেশপ্ৰেমমূলক শ্ল’গানেৰে অনুষ্ঠানটোৰ সফল সমাপ্তি ঘটে।

No comments