Breaking News

প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান (PMSMA)ৰ ১০ বছৰ সম্পূৰ্ণ, গোলাঘাটত ৪০০০ গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন



ডিজিটেল ডেস্কঃ  ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা আৰম্ভ কৰা বিশেষ পদক্ষেপ -প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান - Pradhan Mantri Surakshit Matritva Abhiyan (PMSMA)ৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে গোলাঘাটৰ  স্বাস্থ্য বিভাগে আজিৰ দিনটো বিশেষ ভাবে উদ্যাপন কৰে। পি.এম.এস.এম.এ' ৰ অধীনত প্ৰতি মাহৰ ৯ তাৰিখে দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিকত থকা গৰ্ভৱতী মহিলা সকলক বিনামূলীয়াকৈ সকলো গৰ্ভকালীন সেৱা যেনে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা, আল্ট্ৰাছাউণ্ড, তেজ পৰীক্ষা আৰু বিভিন্ন ৰোগ নিৰ্ণয় কৰা সেৱা সমূহ আগবঢ়োৱা হয়। নিৰ্ধাৰিত ২০টা পি.এম.এস.এম.এ (PMSMA) কেন্দ্ৰত দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিকত থকা গৰ্ভৱতী মহিলা সকলৰ স্বাস্থ্য পৰীক্ষা, বিভিন্ন পৰীক্ষা সমূহৰ সুবিধা প্ৰদান কৰা উপৰিও গৰ্ভাৱস্থাৰ সময়ত অবলম্বন কৰিব লগীয়া যত্ন সমূহৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰা হয়।


PMSMA অভিযানৰ দশম বাৰ্ষিকী অনুসৰি পি.এম.এস.এম.এ (PMSMA) কেন্দ্ৰ সমূহৰ উপৰিও অন্যান্য স্বাস্থ্য কেন্দ্ৰ যেনে আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ, মহকুমা অসামৰিক চিকিৎসালয় আৰু জিলা চিকিৎসালয়কে ধৰি জিলাখনৰ সকলো স্বাস্থ্য প্ৰতিষ্ঠানত আজিৰ বিশেষ দিনটো উদযাপন কৰা হয়। এই শিবিৰ সমূহত গৰ্ভৱতী মহিলা সকলক স্বাস্থ্যজনিত বিভিন্ন পৰামৰ্শ প্ৰদান কৰা হয় যেনে গৰ্ভাৱস্থাৰ সময়ৰ পুষ্টি, পৰিয়াল পৰিকল্পনা, গৰ্ভাৱস্থাৰ সময়ত হব পৰা বিপদৰ কাৰক যেনে উচ্চ ৰক্তচাপ, মধুমেহ ইত্যাদি আৰু ইয়াৰ ব্যৱস্থাপনা। ইয়াৰ লগতে জন্ম পৰিকল্পনা প্ৰপত্ৰ পূৰণ, নিয়মীয়া প্ৰসৱপূৰ্ব পৰীক্ষা, নিৰাপদ মাতৃত্বৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। আয়ুষ্মান আৰোগ্য শিবিৰ সমূহত চিকিৎসা বিষয়া, সামূহিক স্বাস্থ্য বিষয়া,  নাৰ্ছ, বহুমুখী স্বাস্থ্য কৰ্মী,  আশা আৰু অন্যান্য স্বাস্থ্য কৰ্মী জড়িত থাকে। গোলাঘাট জিলাত আজিৰ দিনটোত অনুষ্ঠিত স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় ৪০০০ গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন হয়।


শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু বিভাগত আয়োজন কৰা জিলা পৰ্যায়ৰ অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য বিভাগ), শ্ৰীযুত জিণ্টু বৰা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ডা: ৰাজীৱ ৰঞ্জন গগৈ,  অধীক্ষক, জিলা চিকিৎসালয়, ডা: দিলীপ ডেকা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ বিষয়া সকলকে আদি কৰি বিভিন্ন স্বাস্থ্য কৰ্মী আৰু গৰ্ভৱতী মহিলা উপস্থিত থাকে।

No comments