গোলাঘাটৰ প্ৰবীণ শিল্পী মঞ্চৰ উদ্যোগত ৰাভা দিৱস উদযাপনঃ জিলাভিত্তিক ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ অন্যতম অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘প্ৰবীণ শিল্পী মঞ্চ’ৰ উদ্যোগত শনিবাৰে সুন্দৰৰ পূজাৰী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পবিত্ৰ স্মৃতি দিৱসটি গাম্ভীৰ্যপূৰ্ণভাৱে উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠানটোৰ ত্ৰিমূৰ্তি ভৱনত পুৱা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানতে কলাগুৰুৰ স্মৃতি সাৰোগত কৰি গোলাঘাট জিলা ভিত্তিত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ ফলাফলসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত জমা পৰা ৰচনাসমূহ সঠিকভাৱে মূল্যায়ন কৰাৰ অন্তত বিজয়ী স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰসমূহ প্ৰবীণ শিল্পী মঞ্চৰ সভাপতি তথা শিল্পী বাসৱ বৰবৰাই ঘোষণা কৰে।
ৰচনা প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত ক্ৰমে প্ৰথম স্থান স্থান দখল কৰে গোলাঘাট দণ্ডধৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী ৰিয়া ৰয়ে। ঠিক সেইদৰে দ্বিতীয় স্থান (যুটীয়াভাৱে) গোলাঘাট জাতীয় বিদ্যালয়ৰ সীমান্ত লহকৰ (নৱম শ্ৰেণী), গোলাঘাটৰ কুশল কোঁৱৰ বাল্য ভৱন, প্ৰজ্ঞাশ্ৰী বৰাই (নৱম শ্ৰেণী)। তাতীয় স্থান (যুটীয়াভাৱে) দখল কৰে গোলাঘাট দণ্ডধৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ মুজবীন বেগম (নৱম শ্ৰেণী) গোলাঘাট কুশল কোঁৱৰ বাল্য ভৱনৰ প্ৰতীক্ষা বৰাই।
প্ৰবীণ শিল্পী মঞ্চ, গোলাঘাটৰ সম্পাদক ৰাজীৱ শৰ্মাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সমগ্ৰ জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আটাইকেইগৰাকী স্থানপ্ৰাপ্ত প্ৰতিযোগীক আন্তৰিক অভিনন্দন জনায়। কলাগুৰুৰ আদৰ্শ আৰু চেতনাৰে নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰেই মঞ্চই আগলৈও এনেধৰণৰ সৃষ্টিশীল প্ৰয়াস অব্যাহত ৰাখিব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
.jpeg)
No comments