Breaking News

কিড্জী গোলাঘাটত বিষ্ণু ৰাভা দিৱস আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

 


ডিজিটেল সংবাদ, গোলাঘাটঃ  কলেজ তিনিআলিৰ সমীপত অৱস্থিত কিড্জী গোলাঘাটত শেহতীয়াকৈ বিষ্ণু ৰাভা দিৱস আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যথাযোগ্য মৰ্যাদাৰে পালন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়খনৰ অধ্যক্ষা নবনীতা হাজৰিকাই উপস্থিত সকলোকে আদৰণি জনাই দিন দুটাৰ তাৎপৰ্য্যৰ বিষয়ে আলোকপাত কৰে। তেওঁ অসমীয়া সংস্কৃতিৰ মহান সাধক, শিল্পী তথা "কলাগুৰু" বিষ্ণু প্ৰসাদ ৰাভাৰ অনন্য অৱদানসমূহ স্মৰণ কৰি তেওঁৰ প্ৰতিচ্ছবিৰ সন্মুখত দীপ প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। শিশুসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিষ্ণু ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন যোগাসন শিকোৱা হয়। লগতে সুস্বাস্থ্য ৰক্ষাত যোগৰ ভূমিকা আৰু দৈনন্দিন জীৱনত যোগাভ্যাসৰ উপকাৰিতাৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰা হয়। শিশুসকলে উৎসাহেৰে যোগাভ্যাসত অংশগ্ৰহণ কৰে।

অনুষ্ঠানত অলপনা দুৱৰা, কংকনা দুৱৰা, জুনামণি তামুলী আৰু ৰীমা পল উপস্থিত থাকি কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰাত সহযোগিতা আগবঢ়ায়। বিদ্যালয় কৰ্তৃপক্ষই এইধৰণৰ শিক্ষামূলক আৰু সাংস্কৃতিক কাৰ্যসূচীয়ে শিশুসকলৰ সৰ্বাংগীন বিকাশত সহায়ক হ’ব বুলি মত প্ৰকাশ কৰে।

No comments