Breaking News

মাহেশ্বৰীৰ যুৱ সংগঠনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

 


ডিজিটেল সংবাদ, গোলাঘাটঃ  মাহেশ্বৰী যুৱ সংগঠন (এম.ৱাই.এছ.) গোলাঘাটৰ উদ্যোগত অগ্ৰসেন ভূমি স্থলী খেলপথাৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উৎসাহ-উদ্দীপনাৰে পালন কৰা হয়। অনুষ্ঠানত যুৱক-যুৱতী আৰু শিশুসকলে উৎসাহেৰে অংশগ্ৰহণ কৰি বিভিন্ন যোগাসনৰ অভ্যাস কৰে।

অনুষ্ঠানত অমিত নাগৰীয়ে যোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সকলোকে নিয়মিতভাৱে যোগাভ্যাস কৰিবলৈ আহ্বান জনায়। তেওঁ এইবাৰৰ বিষয়বস্তু “স্বাস্থ্যবান বাৰ্ধক্যৰ বাবে যোগ” (Yoga for Healthy Ageing) গ্ৰহণ কৰি দৈনন্দিন জীৱনত যোগক অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানৰ সময়ত মেঘৰাজ চাণ্ডকে বিভিন্ন যোগাসনৰ প্ৰদৰ্শন কৰি উপস্থিত অংশগ্ৰহণকাৰীসকলক যোগাভ্যাস কৰায়। যোগ সত্রত অংশগ্ৰহণকাৰীসকলে উৎসাহেৰে যোগদান কৰি সুস্থ জীৱনশৈলী গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে।

এই উপলক্ষে দেৱ কিষাণ বাজাজ, পৱন লাঢ়া, সুৰেশ লাঢ়া আৰু হিতেশ লাহোটীকে ধৰি সংগঠনটোৰ কেইবাজনো সদস্য উপস্থিত থাকে। সংগঠনৰ বিষয়ববীয়াসকলে কয় যে যোগে কেৱল শাৰীৰিক স্বাস্থ্যই নহয়, মানসিক আৰু আধ্যাত্মিক ভাৰসাম্য ৰক্ষাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

No comments