Breaking News

বিশিষ্ট চাহ উদ্যোগপতি বিদ্যানন্দ বৰকাকতিলৈ এছ'চেমৰ লীগেচি এণ্ড হেৰিটেজ বঁটা



ডিজিটেল সংবাদ, গোলাঘাটঃ দেশৰ সবাতোকৈ পুৰণি তথা অন্যতম আগশাৰীৰ বাণিজ্য সংস্থা এছ'চিয়েটেড চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি অৱ ইণ্ডিয়া চমুকৈ এছ'চেমৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ফেমিলী বিজনেছ কনক্লেভ আৰু বঁটা প্ৰদান অনুষ্ঠান। ক'লকাতাৰ ভিভাণ্টা হোটেলত অনুষ্ঠিত কৰা এই কনক্লেভ আৰু বঁটা প্ৰদান অনুষ্ঠানত পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ক সুচাৰুৰূপে চলাই নিয়াৰ লগতে ব্যৱসায়িক দিশত যথেষ্ট সাফল্য কৰা ব্যক্তিক সন্মানিত কৰাৰ উদ্দেশ্যে এছ'চেমৰ দ্বাৰা  প্ৰৱৰ্তন কৰা লীগেচি এণ্ড হেৰিটেজ এক্সেলেন্স বঁটা প্ৰদান কৰা হয় অসম সন্তান,  বিশিষ্ট চাহ উদ্যোগপতি তথা অভিযন্তা, ভাৰতীয় চাহ বোৰ্ডৰ প্ৰাক্তন উপাধ্যক্ষ  আৰু নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিক। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকা পশ্চিমবংগ চৰকাৰৰ বিত্ত মন্ত্ৰী ডঃ স্বপন দাসগুপ্তই বিদ্যানন্দ বৰকাকতিক বঁটাটি প্ৰদান কৰে। 

বিদ্যানন্দ বৰকাকতি হৈছে অসমত চাহৰ ব্যৱসায় চলাই অহা বিখ্যাত বৰকাকতি পৰিয়ালৰ পঞ্চম প্ৰজন্মৰ প্ৰতিনিধি। দেশে স্বাধীনতা লাভ কৰাৰ বহু বছৰ আগতেই চাহ বাগিচা স্থাপন কৰি এজন প্ৰতিষ্ঠিত চাহ উদ্যোগপতি হিচাপে ইংৰাজৰ শাসন কালতে ইংৰাজে বহুখিনি নিয়ন্ত্ৰণ কৰি ৰখা চাহ উদ্যোগটোত নিজকে সুপ্ৰতিষ্ঠিত কৰি তুলিছিল এজন স্বাভিমানী অসমীয়া সৰ্বানন্দ বৰকাকতিয়ে। সেই সৰ্বানন্দ বৰকাকতিয়ে আৰম্ভ কৰা চাহৰ পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ক এক নতুন গতিশীলতা প্ৰদান কৰি বৰ্তমানেও সফল ৰূপত চলাই নি আছে তেখেতৰ পৰিনাতি বিদ্যানন্দ বৰকাকতিয়ে। মেকানিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী উচ্চ শিক্ষিত বিদ্যানন্দ বৰকাকতিয়ে লোভনীয় দৰমহাৰ চাকৰি নকৰি নিজৰ পৰিয়ালৰ ব্যৱসায়কে অধিক গতিশীলতা প্ৰদান কৰি চলাই নিবলৈ চেষ্টা কৰি অৱশেষত সেই চেষ্টাৰ সুফল লাভ কৰিলে আৰু তাৰেই স্বীকৃতি স্বৰূপে লাভ কৰিবলৈ সক্ষম হৈছে এই লীগেচি এণ্ড হেৰিটেজ বঁটা। বঁটা গ্ৰহণ কৰি যথেষ্ট আৱেগিক হৈ পৰা বৰকাকতিয়ে কয় যে এই বঁটা তেওঁ এই বঁটা অসমৰ চাহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁৰ পৰিয়ালৰ কেইবাটাও প্ৰজন্মই কৰা কষ্ট আৰু ত্যাগৰ আৰু লগতে তেওঁলোকৰ চাহ বাগিচাৰ প্ৰতিজন নিষ্ঠাৱান শ্ৰমিক কৰ্মচাৰীৰ প্ৰতি উৎসৰ্গা কৰিছে।

No comments