Breaking News

গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ‍্যোগত ১৯ ছেপ্তেম্বৰত দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গ স্মৃতি দিৱসৰ আয়োজন



ডিজিটেল সংবাগ, গোলাঘাটঃ গোলাঘাট: ৬৫ সংখ‍্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ‍্যোগত বিভিন্ন দল-সংগঠন আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত একত্ৰিত ভাবে অহা ১৯ ছেপ্তেম্বৰ তাৰিখে জুবিন গাৰ্গ স্মৃতি দিৱসৰ আয়োজনৰ এখন ৰাজহুৱা সভা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হয় । গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি ড. দেৱজিৎ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত গোলাঘাটৰ বিভিন্ন দল সংগঠন আৰু ৰাইজে অংশগ্ৰহণ কৰি একত্ৰিত ভাৱে জুবিন স্মৃতি দিৱস পালনৰ পোষকতা কৰে । এক প্ৰেছ বিবৃতিৰ জৰিয়তে ৬৫ সংখ‍্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি ড° দেৱজিৎ ফুকন , কাৰ্যকৰী সভাপতি মুন্না আহমেদ আৰু সাধাৰণ সম্পাদকদ্বয় অংশুমান বৰুৱা আৰু মিন্টু গগৈয়ে উল্লেখ কৰে যে বিগত বৰ্ষত গোলাঘাট সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰায় দহ সহস্ৰাধিক ৰাইজৰ উপস্হিতিত মায়াবিনি গীত পৰিৱেশন কৰাৰ প্ৰাক মূহুৰ্তত এটা ৰাজহুৱা সিদ্ধান্ত হৈছিল যে প্ৰত‍্যেক বৰ্ষতে গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে ১৯ ছেপ্তেম্বৰ তাৰিখে জুবিন গাৰ্গৰ স্মৃতিত এটা অনুষ্ঠান অনুস্হিত কৰিব । সেই সিদ্ধান্ত অনুসৰিয়ে আজি ৰাজহুৱা সভাত ১৯ ছেপ্তেম্বৰ তাৰিখটোত জুবিন গাৰ্গ স্মৃতি দিৱস হিচাপে পালন কৰিব স্থিৰ কৰা হয়। সেই অনুসৰি পুৱা ৭ বজাত নাম প্ৰসংগ, ৯ বজাত জুবিন গাৰ্গৰ প্ৰতি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ,১০ বজাত মায়াবিনি গীত পৰিৱেশন , ১০ঃ৩০ বজাত ঠাইতে লিখা প্ৰৱন্ধ প্ৰতিযোগিতা, ১১-০০ বজাৰ পৰা দুটা শাখাত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা আৰু সন্ধিয়া বন্তি প্ৰজ্বলন আৰু দিহানামেৰে অনুষ্ঠান সামৰণি পৰিব ।

 উক্ত ৰাজহুৱা সভাত ৬৫ সংখ‍্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মূখ‍্য উপদেষ্টা পূৰ্ণ ৰাজখোৱা , পৰিক্ষিত দত্ত , ড° নৃপেন কুমাৰ বৰুৱা , বিশিষ্ট শিক্ষাবিদ বন্তিৰাণী ফুকন , সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদৰ প্ৰিন্স দ’লে , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ সভাপতি বাবুল দত্ত , টাই আহোম ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক গৌতম লাহন , টাই আহোম যুৱ পৰিষদৰ মুকুন্দ গগৈ আদি উপষ্ঠিত থাকি বক্ত‍ব‍্য প্ৰদান কৰে । উক্ত সভাত জুবিন গাৰ্গ ফেন ক্লাৱৰ বিষয়বীয়া উপস্হিত থাকি বক্তব‍্য প্ৰদান কৰাৰ লগতে সম্পূৰ্ণ সহায়- সহযোগিতা আৰু আশ্বাস প্ৰদান কৰে । ৬৫ সংখ‍্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে গোলাঘাটবাসী ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্হিতি কামনা কৰিছে ।

No comments