Tea Sommelier' শীৰ্ষক পাঠ্যক্ৰমত দেশৰ মুঠ সাতগৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰত অসমৰ তিনিগৰাকীয়ে সফলতা অৰ্জন
ডিজিটেল সংবাদঃ কেন্দ্ৰ চৰকাৰৰ দক্ষতা বিকাশ মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ পৰিষদৰ দ্বাৰা অনুমোদিত আৰু ভাৰতীয় চাহ বোৰ্ডৰ দ্বাৰা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা 'Tea Sommelier' শীৰ্ষক পাঠ্যক্ৰমত দেশৰ মুঠ সাতগৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰত অসমৰ তিনিগৰাকীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
ভাৰতীয় চাহ বোৰ্ডৰ প্ৰাক্তন উপাধ্যক্ষ বিদ্যানন্দ বৰকাকতিয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়া অনুসৰি, যোৱা ৩ আগষ্টৰ পৰা ৯ আগষ্টলৈ ভাৰতীয় চাহ বোৰ্ডে দাৰ্জিলিং টি ৰিচাৰ্ছ এণ্ড ডেভেলপমেন্ট চেণ্টাৰত অনুষ্ঠিত কৰা ৬০ ঘণ্টীয়া “Essentials of Tea Sommelier” শীৰ্ষক পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰে অসমৰ তিনিগৰাকী অংশগ্ৰহণকাৰীসহ মুঠ সাতগৰাকী প্ৰাৰ্থীয়ে। ই আছিল আচলতে ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ পৰিষদৰ অনুমোদিত আৰু এন এছ কিউ এফ লেভেল ৪ ৰ সৈতে সংযুক্ত এক দক্ষতা বিকাশমূলক পাঠ্যক্ৰম। ইয়াত চাহৰ পৰিচয় আৰু মূল্যায়ন, চাহৰ সোৱাদ পৰীক্ষণ , ব্লেণ্ডিং তথা চাহ প্ৰস্তুতিৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে।
এই পাঠ্যক্ৰমে চাহ আৰু পৰ্যটন সেৱা, খুচুৰা ব্যৱসায় তথা চাহ উদ্যোগৰ অন্যান্য ক্ষেত্ৰত ইয়াৰ পেছাদাৰী প্ৰয়োগ সম্পৰ্কে সুসংগঠিত জ্ঞান আৰু ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান কৰাত বিশেষ ভূমিকা পালন কৰিব।এই পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ হোৱাটো ভাৰতত Tea Sommelier ৰ দক্ষতাক আনুষ্ঠানিক ৰূপ দিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। পাঠ্যক্ৰমৰ পাঠ্যসূচীত পাঁচটা মূল বিষয় অন্তৰ্ভুক্ত কৰা হৈছে— Tea Sommelier-ৰ ভূমিকাৰ পৰিচয়; Fine Dining আৰু Premium Settings-ত চাহৰ মূল্যায়ন; Tea Tasting Protocols আৰু Palate Development; Tea Blending আৰু Innovation; আৰু Artisanal তথা Future-Forward Tea Practices।এই কাৰ্যসূচীটো নবাগত, আতিথ্য সেৱাৰ সৈতে জড়িত পেছাদাৰী, চাহপ্ৰেমী, ভৱিষ্যতৰ Tea Sommelier, তথা খুচুৰা ব্যৱসায় আৰু বিপণন ক্ষেত্ৰৰ পেছাদাৰীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে।
অসমৰ তিনিগৰাকী প্ৰাৰ্থীৰ অংশগ্ৰহণ ৰাজ্যখনৰ বাবে বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। ভাৰতৰ মুঠ চাহ উৎপাদনৰ প্ৰায় আধা অংশ অসমত উৎপাদিত হয়। সমৃদ্ধ চাহ ঐতিহ্য আৰু বিশাল উৎপাদনভিত্তিৰে অসমে চাহৰ মূল্যায়ন, পেছাদাৰী চাহ পৰিৱেশন, উন্নতমানৰ চাহৰ প্ৰচাৰ, চাহ পৰ্যটন , খুচুৰা ব্যৱসায় আৰু গ্ৰাহক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ যথেষ্ট সম্ভাৱনা বহন কৰে। এই Tea Sommelier পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে ভাৰতীয় চাহ বোৰ্ড প্ৰশংসাৰ যোগ্য। এনে কাৰ্যসূচীয়ে ভাৰতীয় চাহ উদ্যোগত পেছাদাৰী দক্ষতাৰ এক নতুন মাত্ৰা সৃষ্টি কৰিব পাৰে। চাহৰ Sommelier দক্ষতাৰ ক্ষেত্ৰত চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা এয়াই প্ৰথম চাৰ্টিফিকেট পাঠ্যক্ৰম।
চাহ কেৱল এবিধ পানীয় বা বাণিজ্যিক সামগ্ৰী নহয়। চাহৰ সৈতে সুগন্ধ, সোৱাদ, ৰূপ, প্ৰস্তুত প্ৰণালী আৰু সামগ্ৰিক অভিজ্ঞতাৰ এক বিশাল জগত জড়িত হৈ আছে। এগৰাকী প্ৰশিক্ষিত Tea Sommelier- য়ে গ্ৰাহকসকলক চাহৰ এই বিভিন্ন দিশসমূহ বুজিবলৈ আৰু উপভোগ কৰিবলৈ সহায় কৰিব পাৰে। পাঠ্যক্ৰমটো সফলতাৰে সম্পূৰ্ণ কৰা সাতগৰাকী অংশগ্ৰহণকাৰী হৈছে ভাৰ্গৱ ৰাজ বৰকাকতি , জয়ন্ত জালান , প্ৰীতম কুমাৰ শৰ্মা, আনন্দ কুমাৰ, ভূমিত নন্দাল, আকাশদীপ ৰয় আৰু অজয় শশাংকৰ। চাহক কেৱল ইয়াৰ উৎপাদনৰ পৰিমাণৰ দৃষ্টিৰে নহয়, বৰং প্ৰতি কাপ চাহক কেন্দ্ৰ কৰি সৃষ্টি কৰিব পৰা জ্ঞান, অভিজ্ঞতা আৰু মূল্যৰ দৃষ্টিৰেও চাব লাগিব।
.jpeg)
No comments