গোলাঘাটত নতুন সাহিত্য পৰিষদৰ সোণালী জয়ন্তী উপলক্ষে কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন
ডিজিটেল সংবাদ, গোলাঘাটঃ 'নতুন সাহিত্য পৰিষদ'ৰ ৰাজ্যিক সমিতিৰ ৫০ সংখ্যক প্ৰতিষ্ঠা বৰ্ষ অৰ্থাৎ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে সমগ্ৰ অসমৰ লগতে গোলাঘাটতো এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। নতুন সাহিত্য পৰিষদ, গোলাঘাট শাখাৰ সৌজন্যত অহা ৩১ অক্টোবৰত অনুষ্ঠিত হ’ব কৰা জিলা ভিত্তিত কবিতা আবৃত্তি প্ৰতিযোগিতা । গোলাঘাটৰ ক’ৰ্ট ৰোডস্থিত 'গোলাঘাট শিশু ভৱন'ত পুৱা ১০:০০ বজাৰ পৰা এই প্ৰতিযোগিতাখনি আৰম্ভ হ’ব । পৰিষদৰ গোলাঘাট শাখাৰ সভাপতি ডাঃ কুমুদ কুমাৰ দত্ত আৰু সম্পাদক হেম ফুকনে জানিবলৈ দিয়া মতে, ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ লক্ষ্যৰে এই প্ৰতিযোগিতাখন দুটা শাখাত বিভক্ত কৰা হৈছে। 'ক' শাখা অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত হ’ব আৰু তেওঁলোকৰ বাবে নিৰ্ধাৰিত কবিতা হৈছে কবি জেহিৰুল হুছেইনৰ 'এইখন তোৰেই পৃথিৱী। আনহাতে, 'খ' শাখা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত হ’ব, য’ত প্ৰতিযোগীসকলে কবি ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ 'বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি' কবিতাটোৰ একাংশ আবৃত্তি কৰিব লাগিব।
প্ৰতিযোগিতাৰ উভয় শাখাৰ বিজয়ীসকলৰ বাবে পৰিষদৰ তৰফৰ পৰা আকৰ্ষণীয় নগদ ধন আৰু মানপত্ৰৰ ব্যৱস্থা কৰা হৈছে । 'ক' শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ ক্ৰমে ১০০০, ৭০০ আৰু ৫০০ টকা নিৰ্ধাৰণ কৰা হৈছে । আনহাতে, 'খ' শাখাৰ বাবে বিশেষ 'পদুমী ফুকন সোঁৱৰণী বঁটা' আগবঢ়োৱা হ’ব, যাৰ পুৰস্কাৰৰ পৰিমাণ ক্ৰমে ১০০০, ৭০০ আৰু ৫০০ টকা হ’ব। উদ্যোক্তা সমিতিয়ে জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গোহাৰি জনোৱাৰ লগতে অভিভাৱক আৰু সদাশয় ৰাইজৰ সৰ্বাত্মক সহযোগিতা কামনা কৰিছে।

No comments