Breaking News

‘প্ৰহেলিকা’ৰ দশম সংখ্যাৰ শুভ উন্মোচন সম্পন্ন



ডিজিটেল সংবাদঃ ৰহস্য, ৰোমাঞ্চ আৰু ভৌতিক সাহিত্যৰ অনন্য সোৱাদেৰে পাঠকৰ মন জয় কৰি অহা ই-আলোচনী ‘প্ৰহেলিকা’ই সফলতাৰে দশম সংখ্যাত ভৰি দিলে। এই উপলক্ষে ১১ অক্টোবৰ, ২০২৬ তাৰিখে দেওবাৰে সন্ধিয়া ৭:৩০ বজাত গুগল মীটৰ জৰিয়তে অনলাইনযোগে আলোচনীখনৰ দশম সংখ্যাৰ শুভ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। সাহিত্যপ্ৰেমী, লেখক, পাঠক আৰু আমন্ত্ৰিত অতিথিৰ উপস্থিতিয়ে অনুষ্ঠানটোক কৰি তোলে অধিক আকৰ্ষণীয় আৰু অৰ্থৱহ।

তানিয়া মধুকল্যৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটো আদৰণি ভাষণ আৰু শুভাৰম্ভণিৰে আৰম্ভ হয়। ইয়াৰ পিছতে আলোচনীখনৰ সম্পাদিকা মালবিকা শৰ্মাই ‘প্ৰহেলিকা’ৰ দশম সংখ্যাটোক কেন্দ্ৰ কৰি নিজৰ অনুভৱ ব্যক্ত কৰে। তেওঁ আলোচনীখনৰ যাত্ৰাৰ সৈতে জড়িত অভিজ্ঞতা আৰু এই বিশেষ সংখ্যাটোৰ তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰে। পৰৱৰ্তী সময়ত ত্ৰাতৃ প্ৰকাশনৰ প্ৰকাশক ত্ৰিদীপ বৰুৱাই প্ৰকাশকৰ অনুভৱ ব্যক্ত কৰি আলোচনীখনৰ প্ৰকাশন যাত্ৰাৰ সৈতে জড়িত বিভিন্ন দিশৰ কথা উল্লেখ কৰে।

অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণ আছিল ‘প্ৰহেলিকা’ৰ দশম সংখ্যাৰ আনুষ্ঠানিক শুভ উন্মোচন। উন্মোচক তথা মুখ্য অতিথি হিচাপে উপস্থিত থকা শ্ৰদ্ধেয় ড° নন্দ সিং বৰকলাই সংখ্যাটোৰ শুভ উন্মোচন কৰে। তেওঁৰ সাৰগৰ্ভ বক্তব্যই অনুষ্ঠানটোক বিশেষ মাত্ৰা প্ৰদান কৰে। লগতে অপূৰ্ব বল্লভ গোস্বামীৰ শুভেচ্ছা বাৰ্তাই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বিশেষ অতিথিসকলৰ শুভেচ্ছা জ্ঞাপন আৰু লেখক-পাঠকৰ মাজত হোৱা অনুভৱৰ আদান-প্ৰদানে অনুষ্ঠানটো অধিক সজীৱ কৰি তোলে।

অনুষ্ঠানৰ সামৰণি পৰ্বত উপস্থিত সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়োৱা হয়। ‘প্ৰহেলিকা’ৰ এই বিশেষ যাত্ৰাত সহযোগিতা, উৎসাহ আৰু অনুপ্ৰেৰণা যোগোৱা প্ৰতিগৰাকী ব্যক্তি তথা সাহিত্যপ্ৰেমীৰ অৱদানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয়।

No comments