Breaking News

স্বভূমিত উপস্থিত অসম কন্যা ভাৰত গৌৰৱ লাভলীনা বৰগোহাঁই



দিল্লীৰ পৰা উৰা মাৰি আজি স্বভূমিত উপস্থিত অসম কন্যা ভাৰত গৌৰৱ লাভলীনা বৰগোহাঁই। বিশ্বৰ বুকুত অসমক নতুন সূৰ্যোদয়ৰ উত্তাপ দিয়া লাভলীনাক বৰঝাৰ বিমানবন্দৰৰ পৰা উষ্ম আদৰণি জনালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, লাভলীনা বৰগোহাঁই বিমান বন্দৰত আৱেগিক হৈ পৰা দেখা যায়। 

তেওঁৰ সফলতা কামনা কৰি প্ৰাৰ্থনা কৰাৰ বাবে সকলো অসমবাসীক ধন্যবাদ জনালে বক্সাৰ গৰাকীয়ে। পুনৰবাৰ অলিম্পিকত স্বৰ্ণ জয় কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰিছে বক্সাৰ লাভলীনাই। 

টকিঅ' অলিম্পিৰ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনাক জনোৱা আদৰণি আৰু অসমবাসীৰ আদৰ দেখি আনন্দ প্ৰকাশ কৰিছে।

No comments