Breaking News

গোলাঘাটত হিৰ'ৰ নতুন মডেলৰ বাইক মুকলি


  

আজি গোলাঘাটৰ অট' ৱৰ্ল্ড,হিৰ'ই মুকলি কৰিলে অত্যাধুনিক বাইক GLAMOUR XTECH ।অজয় ভঁৰালীয়ে আঁত ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বাইক ৰাইডাৰ স্বপ্নীল বৰুৱা, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আৰ্চিচ পৰাশৰ,গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সম্পাদক বাসৱ গগৈ আৰু ফৰকাটিং মহাবিদ্যালয়ৰ সম্পাদক মাধুৰ্য বৰাই মুকলি কৰে GLAMOUR XTECH ।Navigation আৰু Bluetooth ৰ সুবিধা থকা অত্যাধুনিক বাইক খনৰ চাইড ষ্টেণ্ড কৰিলেই আপোনাআপুনি ইঞ্জিন বন্ধ হৈ যাব।ইয়াৰোপৰি ইন্ধনৰ পাঁচ শতাংশ অতিৰিক্ত ক্ষমতা থকা বাইক খনত আছে LED যুক্ত হেডলাইট।দূৰ্ঘটনা নিৰাপদ মুক্তৰ ব্যৱস্থাও আছে এই অত্যাধুনিক বাইক খনত।কেকুঁৰিত পঞ্চলিশ ডিগ্ৰীৰ ওপৰত অতিক্ৰম কৰিলে আপোনাআপুনি বন্ধ হ'ব বাইকখন।ইয়াৰফলত দূৰ্ঘটনা উপশম হোৱাৰ আশা কৰিব পাৰি

No comments