Breaking News

আজি মহান প্ৰকৃতিবিদ পদ্মশ্ৰী ডাঃ ৰবীন বেনাৰ্জীৰ ওপজা দিন

      


চৈয়দ চাদিকুৰ ৰহমানঃ আজি ১২ আগষ্ট তাৰিখটো মহান প্ৰকৃতিবিদ পদ্মশ্ৰী ডাঃ ৰবীন বেনাৰ্জীৰ ওপজা দিন । তেখেতে পশ্চিমবঙ্গৰ বাহৰামপুৰত ১৯০৮ চনৰ আগষ্টৰ ১২ তাৰিখে জন্মগ্ৰহণ কৰিছিল । কলিকতা মেডিকেল কলেজৰ লগতে লিভাৰপুল আৰু এডিনবাৰ্গত মেডিকেল শিক্ষা লোৱাৰ পিছত১৯৩৭ চনত বৃটিছ নৌসেনাত যোগ দিয়ে । তেখেতে ২য় মহাসমৰৰ বিভীষিকা প্ৰত্যক্ষ কৰে ।  বোমা বৰ্ষণত প্ৰেয়সীৰ মৃত্যু হোৱাত যুদ্ধৰ প্ৰতি তেখেতৰ ঘৃণা ওপজে আৰু মনৰ শান্তি বিচাৰি যুদ্ধৰ শেষত ভাৰতলৈ ঘূৰি আহে । মূখ্য স্বাস্থ্য বিষয়া হিচাপে পোনতে চাবুৱা চাহবাগিছা আৰু তাৰ পিছত বোকাখাতৰ ধনশিৰি মেডিকেল এছচিয়েছনত যোগদান কৰে । সেই সময়তেই তেখেত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্যত মুগ্ধ হয় আৰু বহু কষ্টৰে তোলা গড় আদি জীৱ-জন্তুৰ ফটোৰে ১৯৬১ চনত বাৰ্লিন টিভিত প্ৰথম বাৰ এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰে । এইখনেই বিশ্ববাসীৰ আগত কাজিৰঙাক চিনাকী কৰাই দিয়ে আৰু তেখেতো আন্তৰাষ্ট্ৰীয় বন্যপ্ৰাণী ফটোগ্ৰাফাৰ হিচাপে সমাদৃত হয় । জীৱদ্দশাত তেখেতে মুঠ ৩২খন তথ্যচিত্ৰ নিৰ্মাণ কৰে  আৰু ১৪টা আন্তৰাষ্ট্ৰীয় বটা পায় ।                                        

          প্ৰেয়সীৰ মৃত্যু হোৱাৰ পিচত তেখেত অবিবাহিত হৈ ৰয় আৰু নিজৰ গোটেই জীৱন পৰিৱেশ ও বন্যপ্ৰাণী সংৰক্ষণৰ বাবে উৎসৰ্গা কৰে ।                                

প্ৰকৃতিৰ প্ৰতি থকা অপাৰ মৰমৰ বাবেই জীৱ-জন্তুৰ বিচৰণ ভূমি কাজিৰঙাৰ ওচৰত গোলাঘাটতে স্থায়ীভাৱে থাকিবলৈ লয় । তেখেত আছিল একেধাৰে প্ৰকৃতিবিদ ,  বন্যপ্ৰাণী বিশেষজ্ঞ , চিত্ৰকৰ , তথ্যচিত্ৰ নিৰ্মাতা, সঙ্গীতপ্ৰেমী ও অভিনেতা । তেখেতৰ নিজৰ বঙলাৰ মাটিতে স্থাপন হয় বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় ও ডক্তৰচ্‌ ক্লাব ।  

           তেখেতৰ ইচ্ছাপত্ৰ অনুসৰি নিজৰ বঙলাটো  Natural History Museum হিচাপে গঢ়ি তোলা হয় আৰু Uncle Robin's Museum নাম দিয়া হয় । ইয়াত আছে অতি আপুৰুগীয়া বন্যজন্তুৰ আলোকচিত্ৰ , পেইণ্টিং, সুন্দৰ প্ৰাকৃতিক সম্পদ , বিভিন্ন দেশৰ পুতলা , তথ্যচিত্ৰ , স্মৃতিচিহ্ন ও তেখেতৰ নিজা সংগ্ৰহসমূহ ।                        

       তেখেতৰ কৰ্মৰ স্বীকৃতিৰূপে ১৯৭১ চনত তেখেতলৈ পদ্মশ্ৰী সন্মান  আগবঢ়োৱা হয় । প্ৰকৃতিৰ মাজত প্ৰেম  বিচাৰি পোৱা , প্ৰকৃতি প্ৰেমতে জীৱন উৎসৰ্গা কৰা ডাঃ বেনাৰ্জীলৈ ওপজা দিনত গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছোঁ ।

No comments