Breaking News

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সেৱা ল'লে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে



অজয় দত্ত,টীয়কঃ কেন্দ্ৰীয় মন্ত্রীৰূপে শপত গ্ৰহণ কৰাৰ পাছত পোন প্ৰথম বাৰৰ বাবে যোৰহাটত উপস্থিত হয় অসমৰ বটবৃক্ষ, কেন্দ্ৰীয় মন্ত্রী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল।'জন আৰ্শিবাদ' যাত্রাত আজিৰ দিনটোৰ যোৰহাটৰ কেইবাটাও কাৰ্য্যসূচীৰ ভিতৰত শ্ৰীশ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত চাকি ধূপ আৰু শৰাই আগবঢ়াই আৰ্শীবাদ  গ্ৰহণ কৰে। মন্ত্রী জনে কয় 'সবকা চাথ সৱকা বিকাশ'এই মূলমন্ত্র সাৰোগত কৰি অনাগত দিনত জনসাধাৰণৰ হৈ কাম কৰি  যাম । মন্ত্রীজন বৰনামঘৰত উপস্থিত হোৱাৰ লগে লগে বিজেপিৰ ৰাজ্যিক,জিলা আৰু মণ্ডল পয্যায়ৰ কৰ্মকৰ্তা সকলে উষ্ম আদৰণি জনায়।উক্ত কাৰ্য্যসূচীত মন্ত্রী ৰামেশ্বৰ তেলী,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোশ্বামী,টীয়কৰ বিধায়ীকা ৰেণুপ্ৰমা ৰাজখোৱা, বিজেপি আৰু অগপ দলৰ বিষয় ববীয়া সকলে পূৰ্ণ সহযোগীতা আগবঢ়াই কেন্দ্ৰীয় মন্ত্রীগৰাকীক।

No comments