Breaking News

চৰাইদেউৰ ঐতিহাসিক লাংকুৰী দৌলৰ ভগ্নাৱশেষত পুনৰ চলিল দুস্কৃতিকাৰীৰ হাতুৰা



মৃত্যুঞ্জয় দাস,সোণাৰিঃ পুনৰবাৰ অসমীয়াৰ স্বাভিমানত কুঠাৰাঘাট।এইবাৰ বাদ নপৰিল আহোমৰ উপাসনা স্থলীও । আহোম সাম্ৰাজ্যৰ ৬০০ বছৰীয়া ৰাজত্বৰ গৌৰৱ উজ্জ্বল অধ্যয়ন প্ৰতীকী স্বৰূপ  চৰাইদেউ অঞ্চলত অৱস্থিত উপাসনাস্থলী লাংকুৰী দৌলৰ ভগ্নাৱশেষৰ এটা অংশ দুস্কৃতিকাৰীৰ দলে খান্দি পেলোৱাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে,এই চৰাইদেউ অঞ্চল আহোম যুগৰ বহুতো ঐতিহাসিক সমলেৰে পৰিপূৰ্ণ। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় এই যে এই কীৰ্তৃচিহ্ন সমূহৰ বেছি ভাগেই কিন্তু আজিকোপতি কোনো এখন চৰকাৰ তথা প্ৰশাসনে যি ধৰনে সংৰক্ষণ তথা শোভাবৰ্ধন কৰিব লাগিছিল তেনেধৰনে গুৰুত্ব দিয়া দেখা নগ'ল। 

যাৰ পৰিণতিত এই ঐতিহাসিক সমল সমূহ দীনক -দীনে ধ্বংসৰ পথলৈ আগবাঢ়ি গৈছে। লগতে এচাম সুবিধাবাদীয়ে এই সমল সমূহ নিজৰ পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল এই ঐতিহাসিক চৰাইদেউ অঞ্চলত থকা কীৰ্তৃচিহ্ন সমূহৰ বাবে বহুবাৰ  চৰকাৰে পুঁজি ঘোষণা কৰিছে যদিও  ইয়াৰে বেছি ভাগ চৰকাৰী আৱন্টিত পুঁজি উলটি যোৱাটো এই অঞ্চলটোৰ লগতে সমগ্ৰ জাতিটোৰ বাবেই অপূৰণীয় ক্ষতি।

১২৫৩ খৃষ্টাব্দত চাওলুঙ চ্যুকাফাই চৰাইদেউত প্ৰথম স্থায়ী ৰাজধানী স্থাপন কৰি বৰ অসম গঢ়াৰ বাবে চৰাইদেউ পৰ্বতৰ শিখৰত উপাসনাস্থল গঢ়াৰ পাছত ১৬৮২ খৃষ্টাব্দত স্বৰ্গদেউ গদাধৰ সিংহই লাংকুৰি দৌলটো স্থাপন কৰিছিল । ইংৰাজ শাসন কালত চৰাইদেউ চাহ বাগিছা কৰ্তৃপক্ষই দৌলটোৰ ইটা সমূহ  বাংলো বনাবলৈ নিয়ে । শেহতীয়াকৈ কোনো দুস্কৃতিকাৰীয়ে দৌলটোৰ এটা অংশত ধন সোণৰ সন্ধানত খান্দি দৌলটোৰ বৃহৎ অনিষ্ট কৰে । এই ঘটনা পোহৰলৈ অহাৰ লগে লগে চৰাইদেউত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

আনহাতে,ঘটনাটোক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত স্থানীয় মথুৰাপুৰ আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আজি পুৱা মথুৰাপুৰ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক অনুসন্ধান চলায়।

No comments