Breaking News

যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত NRLৰ DGM নীহাৰ প্ৰসাদ শৰ্মা এতিয়া ক'ত ?



ডিজিটেল সংবাদ,গোলাঘাটঃ যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত NRLৰ  উপ-মহাপ্ৰৱন্ধক নীহাৰ প্ৰসাদ শৰ্মা এতিয়া ক'ত ? 

যোৱা ১৯ আগষ্টত, NRL ৰ এগৰাকী যুৱতী অভিযন্তাই গোলাঘাট আৰক্ষী থানাত NRL ৰ উপ মহাপ্ৰৱন্ধক নীহাৰ প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনি এজাহাৰ দাখিল কৰিছিল। ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত NRL ৰ উপ মহাপ্ৰৱন্ধক নীহাৰ প্ৰসাদ শৰ্মাক যোৱা ১৯ আগষ্টত গুৱাহাটীৰ ৰিহাবাৰীৰ পৰা  গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।কিন্তু গ্ৰেপ্তাৰৰ পাছতেই ৰহস্যজনক ভাৱে উপ-মহাপ্ৰৱন্ধক নীহাৰ প্ৰসাদ শৰ্মাৰ দেহত কভিড-১৯ ৰ অৱস্থিতি ধৰা পৰে। ইয়াৰ পাছতেই অভিযুক্ত নীহাৰ প্ৰসাদ শৰ্মাক নুমলীগড়স্থিত বিবেকানন্দ নাৰ্ছিং কলেজৰ কভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰা হয়। 

ৰহস্যজনক কথাটো এয়ে যে, ইনষ্ট্ৰোমেন্টেচন বিভাগত কৰ্মৰত উপ মহাপ্ৰৱন্ধকজনৰ দেহত কভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পাছতো বাকীসকলক কোৱাৰেণ্টাইন নকৰাত ৰহস্যৰ ঘণীভূত হোৱাৰ লগতে অভিযুক্ত শৰ্মাৰ কভিড-১৯ ৰ ৰিপৰ্টক লৈও সন্দেহ প্রকাশ কৰিছে সচেতন মহলে। 

আনহাতে, নীহাৰ প্ৰসাদ শৰ্মা গ্ৰেপ্তাৰ হোৱাৰ ৭২ ঘণ্টা অতিক্রম কৰাৰ পাছতো তেওঁৰ বিৰুদ্ধে শোধনাগাৰ কৰ্তৃপক্ষই কোনো বিহীত ব্যবস্থা নোলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

No comments