Breaking News

গোলাঘাটত খাদ্য ব্যৱসায়ীৰ পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ মেলা



সৰু-বৰ সকলো খাদ্য ব্যৱসায়ীয়ে অনুজ্ঞাপত্ৰ লোৱাটো বাধ্যতামূলক : উপায়ুক্ত

ডিজিটেল সংবাদ, গোলাঘাটঃ  গোলাঘাট জিলাৰ খাদ্য ব্যৱসায়ীসকলৰ বাবে বুধবাৰে খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষ, ভাৰতৰ অধীনত, গোলাঘাট খাদ্য সুৰক্ষা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ সহযোগত গোলাঘাট স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় চৌহদত থকা পুৰণা নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰত খাদ্য ব্যৱসায়ীৰ পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ মেলা অনুষ্ঠিত হয় । মেলাত ভালেসংখ্যক ব্যৱসায়ীয়ে অংশ লৈ নাম পঞ্জীয়ন কৰাৰ লগতে ঠাইতে অনুজ্ঞাপত্ৰ সংগ্ৰহ কৰে । অনুষ্ঠানত অংশ লৈ জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয় যে পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ থকাটো সকলো খাদ্য ব্যৱসায়ীৰ বাবে বাধ্যতামূলক । তেওঁ নাম পঞ্জীয়ন কৰি চৰকাৰ আৰু প্ৰশাসনক সহযোগ কৰিবলৈ ব্যৱসায়ীসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে হোটেল ব্যয়সায় আৰু খাদ্য প্ৰস্তুতকৰণ ব্যৱসায়ৰ সৈতে জড়িত সৰু-বৰ সকলো ব্যৱসায়ীৰ বাবে অনুজ্ঞাপত্ৰ থকাটো ব্যৱসায়ৰ এটা সাধাৰণ চৰ্ত । তেওঁ কয় যে খাদ্য প্ৰস্তুতকৰণৰ কাম কৰা আত্মসহায়ক গোটসমূহেও নাম পঞ্জীয়ন কৰা দৰকাৰ । আইনগতভাৱে এইক্ষেত্ৰত যথেষ্ট বাধ্যবাধকতা আছে বুলি উল্লেখ কৰি তেওঁ প্ৰতিজন ব্যৱসায়ীকে সজাগ হ'বলৈ আহ্বান জনায় । অনুষ্ঠানত অংশ লৈ গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই কয় যে যিসকলে খাদ্য ব্যৱসায় কৰিম বুলি ভাবিছে তেওঁলোকে খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষৰ পৰা অনুজ্ঞাপত্ৰ সংগ্ৰহ কৰা উচিত । সুৰক্ষাজনিত দিশসমূহৰ লগতে খাদ্যসামগ্ৰীৰ পৰা হ'ব পৰা ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে । নিজৰ নাম পঞ্জীয়ন কৰি নিজেও নিৰাপদ হোৱাৰ লগতে আনকো নিৰাপত্তা দিবলৈ তেওঁ ব্যৱসায়ীসকলৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানটোৰ আঁত ধৰে যোৰহাট অঞ্চলৰ জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়া বিনি গোহাঁয়ে । তেওঁ জিলাখনৰ সকলো খাদ্য ব্যৱসায়ীক নিজৰ নাম পঞ্জীয়ন কৰি খাদ্য সুৰক্ষা সুনিশ্চিত কৰাত অংশীদাৰ হ'বলৈ আহ্বান জনায় ।  অনুষ্ঠানত খাদ্য সুৰক্ষাৰ ডেজিগনেটেদ বিষয়া বিৰিঞ্চি কুমাৰ কাৰ্জী, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুৰেন্দ্ৰ নাথ তামূলী, জ্যেষ্ঠ চিকিৎসক ডাঃ অনন্ত বৰুৱা, ডাঃ হীৰেন শইকীয়া, ডাঃ ৰঞ্জিত হাজৰিকা আৰু ভালেসংখ্যক বিষয়া- কৰ্মচাৰী তথা ব্যৱসায়ী উপস্থিত আছিল ।

No comments