Breaking News

মেঘালয়ত সাৰ্থক হৈছে স্বচ্ছ ভাৰত অভিযান



পঙ্কজ নাথ, চাংসাৰিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানকলৈ দেশজুৰি নব জাগৰণ সৃষ্টি হৈছিল । প্ৰশাসনৰ লগতে জনতাই অকুণ্ঠ সঁহাৰি জনাইছিল প্ৰধানমন্ত্ৰী গৰাকীৰ আহ্বানৰ প্ৰতি । বাট পথ ,ৰাজহুৱা স্থান সকলোতে ঝাড়ুৰে চাফ চিকুন কৰাত আহোপুৰুষাৰ্থ কৰিছিল সৰ্বস্তৰৰ লোকে ।  কিন্তু সেয়া এতিয়া হ্ৰাস হোৱাৰ পথত । চহৰ নগৰৰ মাজ মজিয়াত পুণৰ জাবৰৰ দমে সুৱৰাই দিয়ে স্বচ্চ ভাৰতৰ কথা । কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিচেই সমীপতে এনেধৰণৰ জাবৰৰ দম । জয় গুৰুৰ ২৭ নং ৰাষ্টীয় ঘাইপথৰ দাতি এতিয়া ডাম্পিং গ্ৰাউণ্ডলৈ পৰ্যবসিত  আৰু ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখুৱাম চুবুৰীয়া ৰাজ্য মেঘালয়ৰ । মেঘালয়ৰ যেনিয়ে যায় তেনিয়ে দেখিব কেবল স্বচ্চতা । মেঘালয়ৰ প্ৰতিটো প্ৰান্তৰ সুন্দৰ নিকা পৰিবেশ দেখিলে মুৰ দো খাব আপোনাৰো ।



মেঘালয়ৰ স্বচ্চ পযিবেশৰ বাবে কেবল চৰকাৰ প্ৰশাসনেই দায়বদ্ধ নহয় । মেঘালয়ৰ জনসাধাৰণো স্বচ্চতাৰ ক্ষেত্ৰত যথেষ্ট সজাগ ।ৰাজহুৱা স্থানত নাপাব তামোল চিখৰৰ পিক অথবা চিপচ চিনাৰ পেকেট  । ৰাজপথত পৰি নৰয় সৰাপাত এখিলাও। এনৰেগা ,জবকাৰ্ডৰ আধাৰত নিয়োগ কৰিছে মেঘালয় চৰকাৰে চাফাই কৰ্মী । দোকানৰ সমুখত ৰখা ডাষ্টবিনতহে পেলায় আবৰ্জনা । পথৰ দাতিত পেলাব নোৱাৰিব একো।  যদিও আৰক্ষীৰ সততে চকুত নপৰে , কিন্তু জৰিমনা জৰিমণা হ’বই ।



ইয়াৰ বিপৰীতে অসমৰ বেলেগ নালেগে, আনকি উপায়ুক্ত কাৰ্যালয়ৰ সমুখত দুৰ্ঘটনাগ্ৰস্ত শিয়ালৰ মৃতদেহ চাৰি পাচদিনলৈ গেলি পচি যোৱাৰ পিছতো চকু নপৰে প্ৰশাসনৰ । একেদৰে হাইৱেত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা জন্তুৰ মৃতদেহ আতৰাবলৈ অসমৰ্থ অসমৰ সংলিষ্ট বিভাগসমূহ। এতিয়া প্ৰশ্ন হয় চুবৰীয়া ৰাজ্যৰ পৰা শিকিবলৈ আগ্ৰহী হব কেতিয়া?  নে স্বচ্চ ভাৰত অভিযানৰ কৌটি কৌটি টকাৰ মায়াজালতে আবদ্ধ থাকিব আমাৰ অসমৰ প্ৰশাসন । সেয়া মেঘালয়ৰ স্বচ্ছতাৰ নিদৰ্শন দেখি লাখটকীয়া প্ৰশ্ন হিচাপে পৰিগণিত হৈছে।



No comments