Breaking News

সাংবাদিক কিৰণ কুমাৰ গগৈ আৰু পঙ্কজ নাথক "এছ'চিয়েচন অফ ইণ্ডিয়ান জাৰ্নালিষ্ট"ৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি আৰু মুখ্য সাধাৰণ সম্পাদক পদত নিযুক্তি।

সাংবাদিক কিৰণ কুমাৰ গগৈ আৰু পঙ্কজ নাথক "এছ'চিয়েচন অফ ইণ্ডিয়ান জাৰ্নালিষ্ট"ৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি আৰু  মুখ্য সাধাৰণ সম্পাদক পদত নিযুক্তি। 




ডিজিটেল ডেস্কঃ মিডিয়া হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ । এক শক্তিশালী গণতন্ত্ৰত আইন, কাৰ্যবাহী, ন্যায় আৰু সংবাদ মাধ্যম এই চাৰিটা স্তম্ভ আছে । ভাৰতবৰ্ষৰ সংবাদ কৰ্মীৰ হকে কাম কৰি থকা বৃহত্তৰ সাংবাদিক সংগঠন "এছ'চিয়েশ্যন অৱ ইণ্ডিয়ান জাৰ্নালিষ্ট"ৰ ৰাষ্ট্ৰীয় কেন্দ্ৰীয় সমিতিয়ে শেহতীয়াকৈ অসমৰ জ্যেষ্ঠ সাংবাদিক, লক্ষীমপুৰৰ  ঢকুৱাখনাত জন্ম লাভ কৰা কিৰণ কুমাৰ গগৈক "এছ'চিয়েচন অৱ ইণ্ডিয়ান জাৰ্নালিষ্ট" ৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি আৰু জ্যেষ্ঠ সাংবাদিক, কামৰূপৰ চাংসাৰিত জন্ম লাভ কৰা পঙ্কজ নাথক মূখ্য সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিছে। নিযুক্তি লাভ কৰি নৱনিযুক্ত ৰাজ্যিক সভাপতি কিৰণ কুমাৰ গগৈ আৰু মূখ্য সাধাৰণ সম্পাদক পঙ্কজ নাথে ভাৰতবৰ্ষৰ বৃহত্তৰ সাংবাদিক সংগঠনটোৰ সৈতে যোগ হোৱাৰ আগ্ৰহী সংবাদ মাধ্যমৰ লোকসকলক ৭৬৬৪৮৭৯৮১৫ এই নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে । ইয়াৰ লগতে যিমান সম্ভৱ সোনকালে এখন পূৰ্ণাংগ ৰাজ্যিক সমিতি গঠনৰ বাবে তেখেত সকল আগবাঢ়িব বুলি সংবাদ মাধ্যমক জনাইছে ।  



ডিজিটেল মাধ্যম, ইলেক্ট্ৰনিক মাধ্যম আৰু প্ৰিণ্ট মিডিয়াৰ সকলো সাংবাদিকক প্ৰস্তাৱিত সমিতিত অন্তৰ্ভুক্ত কৰা হ'ব। সংস্থাটোৱে সামগ্ৰিকভাৱে সাংবাদিক ভাতৃত্বৰ লাভালাভৰ বাবে কাম কৰিব। সংবাদ মাধ্যমৰ নৈতিকতা উলংঘন, সংবাদ মাধ্যমৰ স্বাধীনতা উলংঘনৰ লগতে সাংবাদিকসকলৰ নিৰাপত্তাৰ বিষয়ে কঠোৰভাৱে নিৰীক্ষণ কৰাটোও এই সংস্হাটোৰ মূখ্য উদ্দেশ্য হব বুলি ৰাজ্যিক সভাপতি কিৰণ কুমাৰ গগৈয়ে সংবাদ মাধ্যমক এক বিবৃতি যোগে জানিবলৈ দিছে ।

No comments