Breaking News

Wariors, গোলাঘাট জিলা সমিতিৰ কাৰ্যালয় গৃহ উদ্বোধন কাৰ্যসূচী সম্পন্ন



ডিজিটেল ডেস্কঃ   অসমৰ সৰ্ববৃহৎ মহিলা সজাগতা আৰু গ্ৰামোন্নয় সংস্থা তথা জ্যোতিমৰ্য় সমাজ, Wariors গোলাঘাট জিলা সমিতিৰ কাৰ্যালয় গৃহটি ৩ এপ্ৰিল অৰ্থাৎ দেওবাৰে শুভ উদ্বোধন কৰা হয়।

এই উপলক্ষ্যে  পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হোৱা উদ্বোধনী কাৰ্যসূচীত পতাকা উত্তোলন কৰে ৰাজ্যিক সংগঠক সন্মানীয়া ৰিংকু ৰাগিনীয়ে। লগতে বন্তি প্ৰজ্বলনেৰে কাৰ্যালয় গৃহটি শুভ উদ্বোধন কৰে জিলাৰ  উপদেষ্টা দিপামণি কোঁচে। জিলাৰ সকলো আঞ্চলিক আৰু বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা উদ্বোধনী সভাখনিত সভাপতিত্ব কৰে জিলাৰ স্থায়ী সভানেত্ৰী বনশ্ৰী গগৈয়ে। 



উক্ত সভাত আঁত ধৰে জিলাৰ বিত্ত সম্পাদক তথা ৰাজ্যিক মুখ্য ৰক্ত প্ৰশাসক মৃণাল শইকীয়াই। সমযোৱা একাষাৰ আৰু ভাব বিনিময় কাৰ্যসূচীত জিলা খনৰ বিভিন্ন আঞ্চলিকৰ সতীৰ্থসকলে নিজ নিজ মন্তব্য আৰু ভৱিষ্যত কৰ্মৰাজিৰ বিষয়ে বক্তৃব্য আগবঢ়ায়। সভাত উপস্থিত থকা Wariors, ৰাজ্যিক সংগঠক ৰিংকু ৰাগিনীয়ো তেওঁৰ ভাষণত ভৱিষ্যত বিভিন্ন পৰিকল্পনাৰ বিষয়ে মন্তব্য আগবঢ়াই আৰু জিলাখনে অনাগত দিনত অধিক ক্ষীপ্ৰতাৰে কাম কৰিবলৈ অনুৰোধ আৰু অনুপ্ৰেৰণা যোগায়।

           সভাৰ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি কবি, সাহিত্যিক তথা বিশিষ্ট সমাজকৰ্মী হেমা চৌধুৰী গগৈয়ে Wariors সংস্থাটি কাৰ্য কলাপৰ শলাগ লোৱাৰ লগতে বিভিন্ন কৰ্মৰাজীয়ে আকৰ্ষিত কৰাৰ কথা উল্লেখ কৰে। লগতে সভাৰ উত্থাপিত এক প্ৰস্তাৱত তেখেতলৈ আগবঢ়োৱা উপদেষ্টামণ্ডলীৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে অনাগত দিনত সংস্থাটিৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।



        সভাত Wariors সংস্থাৰ লগত জড়িত অন্য এক অংগ স্বৰূপ Wariors: ব্লাড ডনাৰ'ছ অসমৰ মুখ্য প্ৰশাসক মৃণাল শইকীয়াই তেওঁৰ ভাষণত ৰক্তদান সম্পৰ্কে বহুখিনি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । দৰিদ্ৰ আৰু আৰ্তজনক সহায়ৰ বাবে Wariors সদায় সজাগ হোৱাৰ কথা উল্লেখ কৰি প্ৰতিজনকে একোজন ৰক্তদাতা  হ'বলৈ উৎসাহ আৰু অনুপ্ৰেৰণা যোগায়। 

            অনুষ্ঠানত উপস্থিত থাকে জিলাৰ ১১ খন আঞ্চলিকৰ মুঠ ১২০ গৰাকী কাৰ্যকৰ্তা। সভাৰ শেষত, সভাপতিৰ ভাষণ প্ৰসংগত বনশ্ৰী গগৈয়ে সংস্থাটি লৈ সপোন দেখাৰ কথা উল্লেখ কৰাৰ লগতে সকলো আঞ্চলিকৰ সতীৰ্থবৃন্দৰ বিভিন্ন কৰ্মৰাজীৰ শলাগ লয় আৰু সদা প্ৰস্তুত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে অধিক ক্ষীপ্ৰতাৰে আৰু শক্তিশালী হ'বলৈ উৎসাহ আৰু অনুপ্ৰেৰণা যোগাই ভাষণৰ সামৰণি মাৰে।

            শেষত, অনুষ্ঠানটিত অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰা সকলো সতীৰ্থলৈকে শলাগৰ শৰাই আগবঢ়াই আৰু Wariors ধ্বনিৰে সভাভংগ কৰা হয়।

No comments