Breaking News

শচীন তেণ্ডুলকাৰৰ আই পি এল 2022 প্লেয়িং ইলেভেনত নাই কোহলি-ৰোহিত নাম




ক্ৰিকেট অনুৰাগীৰ হতবাক কৰি  কিংবদন্তী শচীন তেণ্ডুলকাৰে আই পি এল 2022 ছিজনৰ বাবে তেওঁৰ প্লেয়িং ইলেভেনৰ নাম ঘোষণা কৰিছে। কিংবদন্তী ক্ৰিকেটাৰ গৰাকীয়ে বাছি উলিওৱা আইপিএল ২০২২ প্লেয়িং ইলেভেনত বাদ পৰিল বৰ্তমান বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটচমেন বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ নাম। 

এইবাৰ তেণ্ডুলকাৰ পৰামৰ্শদাতা হিচাপে থকা ৰোহিত শৰ্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছৰ দলটো ১০দলৰ পইণ্ট তালিকাত অন্তিম স্থানহে লাভ কৰিলে। 

সেয়েহে এই ছিজনত কেৱল খেলুৱৈসকলৰ প্ৰদৰ্শনৰ ভিত্তিত তেণ্ডুলকাৰে একাদশ বাছনি কৰিছে বুলি জানিবলৈ দিয়ে। লগতে তেণ্ডুলকাৰে তেওঁৰ ইউটিউব চেনেলৰ এটা ভিডিঅ'ত উল্লেখ কৰি কয় যে ‘বাছনি কৰা এই দলটোত "খেলুৱৈসকলৰ খ্যাতি বা তেওঁলোকৰ অতীতৰ প্ৰদৰ্শনৰ সৈতে ইয়াৰ কোনোধৰণৰ সম্পৰ্ক নাই। এইটো সম্পূৰ্ণৰূপে এই ছিজনত তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত আধাৰিত আৰু তেওঁলোকে এই ছিজনত কি প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে"।

তেণ্ডুলকাৰে পাণ্ডিয়াক তেওঁৰ দলৰ অধিনায়ক হিচাপে বাছনি কৰিছিল। "হাৰ্দিক এই ছিজনত ষ্টেণ্ডআউট অধিনায়ক আছিল। তেণ্ডুলকাৰে কয় এই ছিজনত হাৰ্দিকৰ মনত স্পষ্ট, সক্ৰিয় আছিল। মই সদায় কওঁ যে অনুশোচনা নকৰিব, উদযাপন কৰক। যদি আপুনি উদযাপন কৰিবলৈ সক্ষম হয়, ইয়াৰ অৰ্থ হৈছে অধিনায়কে বিপক্ষক পৰাজিত কৰিছে আৰু হাৰ্ডিকে সেয়াই কৰিছিল,"


মুম্বাই ইণ্ডিয়ানছৰ প্ৰাক্তন অধিনায়কজনে তেতিয়া কৈছিল যে তেওঁ জছ বাটলাৰ আৰু শিখৰ ধাৱানক তেওঁৰ অপেনাৰ হিচাপে বাছনি কৰিব কিয়নো তেওঁ ক্ৰমৰ শীৰ্ষত এটা বাওঁ-সোঁ সংমিশ্ৰণ বিচাৰিছিল। যদিও বাটলাৰে এইটো ছিজনত চাৰিটা শতকসহ অসাধাৰণ ৮৬৩ ৰাণ সংগ্ৰহ কৰিছিল। ইফালে ধাৱানে ১৪ খন মেচত ৪৬০ ৰাণ সংগ্ৰহ কৰিছিল।

শচীন তেণ্ডুলকাৰৰ আই পি এল ২০২২ একাদশ দলটোত স্থান লাভ কৰা খেলুৱৈসকল হ’লঃ জছ বাটলাৰ, শিখৰ ধাৱান, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), ডেভিড মিলাৰ, লিয়াম লিভিংষ্টোন, দিনেশ কাৰ্তিক, ৰছিদ খান, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, যুজবেন্দ্ৰ চাহাল।

No comments