Breaking News

গোলাঘাটত বিশ্ব ধপাঁতবিৰোধী দিৱস উপলক্ষে সজাগতা পদযাত্ৰা

 


ডিজিটেল ডেস্ক গোলাঘাট:গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ সৌজন্যত আজি গোলাঘাটত বিশ্ব ধঁপাতবিৰোধী দিৱস পালন কৰা হয় । এই উপলক্ষে গোলাঘাট নগৰত থকা জিলা ন্যায়িক আদালত আৰু কাৰ্যালয়সমূহৰ সন্মুখৰ পৰা গোলাঘাট নগৰৰ মাজেৰে এটা সজাগতামূলক পদযাত্ৰা উলিওৱা হয় । 



এই পদযাত্ৰাত জিলা আৰু সত্ৰ ন্যায়াধীশ বিনোদ কুমাৰ চণ্ডক, গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত, উপ আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱা, জ্যেষ্ঠ চিকিৎসক ডাঃ সুনিতা এক্কা, ন্যায়ালয়ৰ অধিবক্তা, কৰ্মচাৰী, চিকিৎসক, স্বাস্থ্যকৰ্মী, আৰক্ষীৰ লোক, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেদেটসকল, ছাত্ৰ-ছাত্ৰী আৰু ভালেসংখ্যক লোকে অংশ লয় । অংশগ্ৰহণকাৰীসকলে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ বিৰুদ্ধে হাতে হাতে সজাগতামূলক বেনাৰ আৰু প্লেকাৰ্ড লৈ এই পদযাত্ৰা কাৰ্যসূচীত অংশ লয় । পদযাত্ৰা কাৰ্যসূচীৰ নেতৃত্ব লোৱা জিলা আৰু সত্ৰ ন্যায়াধীশ বিনোদ কুমাৰ চণ্ডকে এই সজাগতামূলক পদযাত্ৰাই বিশেষভাবে যুৱ প্ৰজন্মৰ মাজত ধঁপাতৰ প্ৰচলনৰ বিৰুদ্ধে ব্যাপক সজাগতা সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে । 

No comments