Breaking News

আজিৰে পৰা বজাৰলৈ গ’লে খৰচ বাঢ়িব আপোনাৰ।

 


আজিৰে পৰা বজাৰলৈ গ’লে খৰচ বাঢ়িব আপোনাৰ। আজিৰে পৰা বৃদ্ধি পালে কেতবোৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম। কেইবাবিধো সামগ্ৰীৰ ওপৰত আজিৰে পৰা আৰোহ কৰা হৈছে  ৫ শতাংশ জিএছটি।

চাউল, ময়দা, আটা, মুৰিৰ দৰে পেকেটজাত সামগ্ৰীৰ ওপৰত আজিৰে পৰা আৰোপ কৰা হৈছে জিএছটি। এতিয়াৰে পৰা ব্ৰেণ্ডেড হওক বা ব্ৰেণ্ডবিহীন হওক, চাউল, ময়দা, আটা আদি পেকেটজাত হ’লে লাগিব জিএছটি।

জিএছটি আৰোপ কৰা  সামগ্ৰীসমূহ হৈছে দৈ, লাচি, বাটাৰমিল্ক পনীৰ । এইবোৰৰ ওপৰত ৫ শতাংশ জিএছটি আৰোপ কৰা হ’ব।  সকলো ধৰণৰ পেকেটজাত গুৰৰ ওপৰতো লাগিব ৫ শতাংশ জিএছটি।

ইয়াৰ উপৰিও প্ৰাকৃতিক মৌ, পেকেটজাত মুৰি, চিৰা, আখৈ, ওটছ, চাউলৰ গুৰি কিনিবলৈ গ’লে আজিৰে পৰা ভৰিব লাগিব ৫ শতাংশ জিএছটি।

No comments