Breaking News

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ 'সোণালী জয়ন্তী'ৰ প্ৰস্তুতি তুংগত




গোলাঘাট জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান গোলাঘাট বাণিজ্য মহাবিদ্যালয়ে সমাজলৈ আগবঢ়োৱা  শৈক্ষিক-সামাজিক-বৌদ্ধিক অৱদানৰ মাজেৰে বাট বুলি অহা অক্টোবৰ মাহৰ ৯, ১০ আৰু ১১ তাৰিখে তিনিদিনীয়াকৈ পঞ্চাশ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তী উদযাপনৰ বাবে পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি আগবঢ়াইছে। 


সেই উদ্দেশ্যে যোৱা ১১-০৭-২০২২ তাৰিখে আৰু ১৫-০৭-২০২২ তাৰিখে সোণালী জয়ন্তী উদযাপন সমিতিৰ উপ-সভাপতি শ্ৰীযুত মৃদুল শৰ্মাৰ সভাপতিত্বত, মুখ্য সম্পাদক তথা গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° উৎপল শৰ্মাৰ লগতে চৈয়দ মুমিনুল আৱাল, ৰতন কে. দাস, দুৰ্গা প্ৰসাদ জয়ছোৱাল, দাদুল ভট্ট, চি.এ. শ্ৰৱণ আগৰৱালা, বিবেকানন্দ দত্ত, জিতু সেনাপতি, সন্তোষ কুমাৰ, অমৃত কুমাৰ হাজৰিকা, ৰণ্টু বৰুৱা, জাকিৰ হুছেইন বৰুৱা, সোণাৰাম বৰা, তাহিৰ আলি, অমিত নাগৰী প্ৰমুখ্যে কেইবাজনো বিশিষ্ট পুৰণি ছাত্ৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা দুখন বিশেষ প্ৰস্তুতিমূলক সভাৰ আয়োজন কৰা হয়। দুয়োখন সভাত সোণালী জয়ন্তী উদযাপনৰ অগ্ৰগতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। লগতে প্ৰথমখন সভাত প্ৰস্তাৱ লোৱা পঞ্চাশতম প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তীৰ কাৰ্যসূচীখন দ্বিতীয়খন সভাই চূড়ান্ত কৰে। তদুপৰি অতি শীঘ্ৰে সোণালী জয়ন্তী উদযাপন সন্দৰ্ভত এখন সংবাদ মেল আয়োজন কৰাৰ পৰামৰ্শ দিয়ে। আনহাতে সোণালী জয়ন্তীৰ বাবে নিৰ্মাণ কৰি উলিওৱা বিশেষ প্ৰতীক চিহ্নটো সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ উন্মোচন কৰিবলৈও সভাই সংশ্লিষ্ট সমিতিক দায়িত্ব দিয়ে।  দুয়োখন সভাই উদযাপন সমিতিৰ উপ-সমিতিসমূহক অধিক সক্ৰিয়তাৰে কাম কৰি যাবলৈ আহ্বান জনায়। লগতে সভাই পুৰণি ছাত্ৰ সমাজৰ পৰা পূৰ্ণ সহযোগিতা কামনা কৰে আৰু উপস্থিত কেউজন পুৰণি ছাত্ৰই এই ক্ষেত্ৰত উৎসাহ প্ৰদৰ্শন কৰি পূৰ্ণ সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়ে। উল্লেখ্য যে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগক সভাপতি, শ্ৰীযুত প্ৰশান্ত বৰাক কাৰ্যকৰী সভাপতি, শ্ৰীযুত মৃদুল শৰ্মাক উপ-সভাপতি, ড° উৎপল শৰ্মাক মুখ্য সম্পাদক, ড° দেৱজিৎ দত্ত আৰু ভাস্কৰ কাকতিক সম্পাদক, অৰিন্দম বৰাক সহকাৰী সম্পাদক হিচাপে লৈ এখন কৰ্ণধাৰ সমিতি ইতিমধ্যেই গঠন কৰা হৈছে। অনুষ্ঠিতব্য সোণালী জয়ন্তীৰ সফলতাৰ বাবে এই সমিতিখনে সকলো ৰাইজৰ সহযোগিতা একান্তই কামনা কৰে।

No comments